• নাৰকীয় : ৰাজ্যত ধৰ্ষণ-হত্যাৰ বলি আন এগৰাকী কনমাণি

    আঞ্চলিক
    নাৰকীয় : ৰাজ্যত ধৰ্ষণ-হত্যাৰ বলি আন এগৰাকী কনমাণি

    ধেমাজি : ৰহাৰ চুমিলা ৰংহাংপী কাণ্ডৰ উত্তেজনা মাৰ নৌযাওঁতেই ৰাজ্যত পুনৰ সংঘটিত হ'ল ধৰ্ষণ-হত্যাৰ জঘণ্য ঘটনা৷ ধেমাজিৰ লখিমপুৰ সীমামূৰীয়া গোগামুখ থেকেৰাগুৰিত সংঘটিত হ'ল এই নাৰকীয় ঘটনা।





    আৰু পঢ়িব পাৰিব : তৃণমূলৰ গুণ্ডাৰাজ! সাৰি নগ’ল কেন্দ্ৰীয় মন্ত্ৰীৰ কনভয়ো





    মঙলবাৰে আবেলি ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনো লোকে গোগামুখ শংকৰদেৱ শিশু নিকেতনত অধ্যয়নৰত ছাত্ৰী দীপশিখা শইকীয়াক ধৰ্ষণ কৰাৰ পাছত হত্যা কৰি ঘৰৰ ভিতৰত গামোচাৰে ওলমাই থৈ যায়৷ এই ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে উত্তেজিত ৰাইজে সন্দেহবশতঃ সমীপতে এন এইচ পি চিৰ টাৱাৰ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা ১৮জনকৈ শ্ৰমিকক আটক কৰি আনি চাউলধোৱা আৰক্ষীক গটাই দিয়ে।





    আৰু পঢ়িব পাৰিব : কৰ’নাই কাঢ়ি নিলে আন এগৰাকী দিল্লীবাসী অসমীয়া অধ্যাপকক





    ইতিমধ্যে সোধা-পোচাৰ বাবে কেইবাজনো লোকক চাউলধোৱা আৰক্ষীয়েও আটক কৰিছে৷ ইফালে, কণমানি দীপশিখাৰ হত্যাৰ উচিত তদন্ত বিচাৰি স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। গোগামুখ আছুৱে আজি দীপশিখা হত্যাকাণ্ডৰ বিৰুদ্ধে এক 'মানৱ শৃংখল' গঢ়ি তুলি প্ৰতিবাদ সাব্যস্ত কৰে।