Regional
নলবাৰীঃ ৰাজ্যত অব্যাহত আছে নাৰী সৰবৰাহকাৰী চক্ৰৰ কু-কৰ্ম৷ ৰাজস্থানৰ পৰা উদ্ধাৰ নলবাৰী জিলাৰ যুৱতী৷ ৪ লাখ টকাত দুৰ্বৃত্তই ৰাজস্থানত বিক্ৰী কৰিছিল যুৱতীগৰাকীক৷ এতিয়াও বহু যুৱতী বন্দী হৈ আছে ৰাজস্থানৰ বিভিন্ন অঞ্চলত৷ যুৱতীগৰাকীয়ে বেংকলৈ টকা উলিয়াবলৈ যাওঁতেই প্ৰবঞ্চকে লৈ গৈছিল৷ ৪ মাহ পূৰ্বে যুৱতীগৰাকীক প্ৰবঞ্চকে লৈ গৈছিল ৰাজস্থানলৈ৷ বিমানযোগে যুৱতীগৰাকীক প্ৰবঞ্চকে লৈ গৈছিল ৰাজস্থানলৈ৷ ৰাজস্থান আৰক্ষীৰ সহযোগত পৰিয়ালে উদ্ধাৰ কৰে যুৱতীগৰাকীক৷ স্থানীয় দেউলাশাল আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ মুকালমুৱাৰ কাপলাবৰীস্থিত নিজৰ ঘৰত উপস্থিত হৈছে যুৱতীগৰাকী।
Leave A Comment