• নাৰ্ছিংহোমত ভয়ংকৰ কাণ্ড : নিচাযুক্ত দ্ৰব্য খুৱাই মহিলা চিকিৎসকক যৌন নিৰ্যাতন

    আঞ্চলিক
    নাৰ্ছিংহোমত ভয়ংকৰ কাণ্ড : নিচাযুক্ত দ্ৰব্য খুৱাই মহিলা চিকিৎসকক যৌন নিৰ্যাতন

    ডিব্ৰুগড়: ৰাজ্যত সঘনাই সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা! এইবাৰ এই জঘন্য কাণ্ডত জড়িত হৈছে চিকিৎসক৷ চিকিৎসকৰ দৰে মহান বৃত্তিক কালীমা সানিলে এখন নাছিংহোমত৷ ডিব্ৰুগড়ৰ নাৰ্ছিংহোমত এই ভয়ংকৰ কাণ্ড৷ মহিলা চিকিৎসকক যৌন নিৰ্যাতন সহকৰ্মীৰ৷ অভিযুক্তগৰাকী হৈছে চিকিৎসক ডাঃ নয়নজ্যোতি ডেকা৷ ইতিমধ্যেই চিকিৎসকজনক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে৷ অভিযোগ অনুসৰি, নিচাযুক্ত দ্ৰব্য খুৱাই মহিলা চিকিৎসকক যৌন নিৰ্যাতন কৰে৷





    উক্ত ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলাৰ সঞ্জীৱনী হাস্পতাল৷ হাস্পতালখনৰ পঞ্চম মহলাৰ এটা কোঠাত এই ভয়ংকৰ ঘটনা সংঘটিত হয়৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড়ত৷ বৰবাৰী থানাত এজাহাৰ দাখিল কৰিছে নিৰ্যাতিতা চিকিৎসকগৰাকীয়ে।