• নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ : ১০টা পদৰ বাবে সহস্ৰাধিক প্ৰাৰ্থী

    আঞ্চলিক
    নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ : ১০টা পদৰ বাবে সহস্ৰাধিক প্ৰাৰ্থী

    গুৱাহাটী: জীৱন জীবিকাৰ সন্ধানত লাখ লাখ নিবনুৱা৷ অসম চৰকাৰে নিবনুৱা সংস্থাপনৰ ব্যৱস্থা কৰা তথা বিভিন্ন বিভাগত চৰকাৰী চাকৰি মুকলি কৰিছে৷ লকডাউনে বহু লোকক কৰ্মহীন কৰি তোলাৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে ৰাজ্যত৷ পাছতে কিন্তু সেই অনুপাতে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যাও৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া ১লাখ চাকৰিৰ আশাত বন্দী নিবনুৱা৷ ৰাজ্যত নিবনুৱাৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে এপাচি শাকত এটা জালুক সদৃশ হৈ পৰিছে চৰকাৰী চাকৰি৷





    আজি অনুষ্ঠিত গুৱাহাটীৰ বামুনিমৈদামস্থিত খাদ্য সুৰক্ষা বিভাগৰ বিভাগৰ কাৰ্যালয়ত ১০ টা Chemist Assistant ৰ পদৰ বাবে শ শ নিবনুৱাৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গ’ল৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ আহিছে যুৱক-যুৱতীসকল। ইয়াৰ উপৰি সোমবাৰে 'হেল্প ডেস্ক এছিছটেণ্ট'ৰ চাকৰিৰ দুটা পদৰ বাবে চাৰি শতাধিক যুৱক-যুৱতীয়ে সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল।





    শেহতীয়াকৈ কৰ আয়ুক্তালয়ত অনুষ্ঠিত হোৱা ড্ৰাইভাৰ পদৰ বাবেও শ শ প্ৰাৰ্থী অৱতীৰ্ণ হোৱা দেখা গৈছিল৷ অষ্টম শ্ৰেণীৰ যোগ্যতা বিচৰা পদটোৰ বাবে ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী প্ৰাৰ্থীয়েও সাক্ষাৎকাৰত অৱতীৰ্ণ হয়৷ তেনে পৰিস্থিতিত ৰাজ্যৰ নিযুক্তি খণ্ডৰ উপৰি অত্যধিক হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধিয়ে এক বৃহৎ সমস্যাৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে৷