Spiritual
মাজুলী : নিমাতীঘাটৰ নাও দুৰ্ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ কেন্দ্ৰীয় চৰকাৰৰ সকলো সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ৷ উল্লেখ্য যে, কালি আবেলি নিমাতীৰ পৰা মাজুলীমুখী নাও এখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল৷
ভৰা ব্ৰহ্মপুত্ৰত জাহাজৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল নাওখনৰ৷ যাত্ৰীভৰ্তি নাওখন কমলাবাৰীমুখে ৰাওনা হৈছিল আৰু লুইতৰ বুকুত টিপকাই নামৰ জাহাজৰে সংঘৰ্ষ হৈছিল৷ ঘাটলৈ চপোৱা চৰকাৰী জাহাজক ঠাই দিবলৈ গৈ সংঘটিত হয় এই দুৰ্ঘটনা৷
NDRF-SDRF-এ চলাইছে যুদ্ধংদেহী উদ্ধাৰ অভিযান৷ নিমাতীঘাটলৈ ৰাওনা হৈছে নদীত সন্ধানহীন হোৱা লোকৰ পৰিয়ালৰ সদস্যসকল৷ প্ৰায় ৪০গৰাকী যাত্ৰীক উদ্ধাৰ কৰা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে৷ নিমাতীঘাটৰ নাও দুৰ্ঘটনাক লৈ তৎপৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ আজি মাজুলীত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
Leave A Comment