• নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য, বৰ্তমানেও সন্ধানহীন বহুগৰাকী

    আঞ্চলিক
    নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য, বৰ্তমানেও সন্ধানহীন বহুগৰাকী

    গুৱাহাটীঃ মাজুলীৰ নিমাতীঘাটত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। দুৰ্ঘটনাৰ বিভীষিকাময় ছবিয়ে শোকস্তব্ধ কৰিছে সকলোকে। মহাবাহুৰ বুকুত অহৰ্নিশে চলিছে উদ্ধাৰ অভিযান। বৰ্তমানেও সন্ধান ওলোৱা নাই বহু যাত্ৰীৰ। অভিশপ্ত নাৱত কিমান যাত্ৰী আছিল নাই তাৰ প্ৰকৃত তথ্য।





    কিমান লোক সন্ধানহীন হৈছে তাৰো প্ৰকৃত তথ্য নাই বিভাগীয় কৰ্তৃপক্ষৰ হাতত। ডিজিপিৰ মতে বৰ্তমানলৈ সন্ধানহীন ৫জন যাত্ৰী। জেএমচিএইচৰ মৰ্গত বৰ্তমানেও আছে নিহত পৰিমিতা দাসৰ মৃতদেহ। সন্ধান ওলোৱা নাই লখিমপুৰৰ ডিৰ্জুৰ ইন্দ্ৰেশ্বৰ বৰা নামৰ এজন যাত্ৰীৰ।





    মন্ত্ৰী বিমল বৰাৰ মতে সন্ধানহীন হৈ আছে দুগৰাকী যাত্ৰী। ঘটনাস্থলীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিমল বৰা উপস্থিত হৈ ঘটনাৰ সবিশেষ পৰ্যবেক্ষণ কৰিছে। আজি মাজুলীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে জলপৰিবহণ বিভাগৰ ৩গৰাকী অভিযন্ত্ৰাক নিলম্বিত কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে।