• নিমাতীৰ নাও দুৰ্ঘটনাৰ অভিযুক্তৰ জামিন মঞ্জুৰ: তদন্তকাৰী আৰক্ষীয়ে দিব নোৱাৰিলে শক্তিশালী তথ্য

    আঞ্চলিক
    নিমাতীৰ নাও দুৰ্ঘটনাৰ অভিযুক্তৰ জামিন মঞ্জুৰ: তদন্তকাৰী আৰক্ষীয়ে দিব নোৱাৰিলে শক্তিশালী তথ্য

    যোৰহাট: ৰাজ্যজুৰি কঁপাই যোৱা নিমাতীৰ নাও দুৰ্ঘটনাই সকলোকে ব্যথিত কৰি তুলিছিল৷ এই শোকাৱহ নাও দুৰ্ঘটনা সংঘটিত হোৱা আজি ১৫টা দিন অতিবাহিত হ’ল৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ঘটনাৰ সৈতে জড়িত অভিযুক্তক কৰায়ত্ত কৰিছিল যোৰহাট আৰক্ষীয়ে৷ কিন্তু সকলো অসাৰ কৰি আজি সঠিক প্ৰমাণৰ অভাৱত জামিনলাভ কৰে অভিযুক্তই৷





    যোৰহাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত এই সন্দৰ্ভত শুনানি চলিছিল৷ আজি নিমাতী নাও দুৰ্ঘটনাৰ সৈতে জড়িত আটাইকেইজন গ্ৰেপ্তাৰ কৰা লোকক জামিনমঞ্জুৰ কৰে আদালতে৷ জামিনলাভ কৰে নাওখনৰ গৰাকী পানিৰাম কলিতা, গৌতম কলিতা, উৎপল দত্ত আৰু বিপুল বৰাই৷





    লগতে জামিনলাভ কৰে আভ্যন্তৰীণ জল পাৰিবহণ বিভাগৰ ৭জনকৈ কর্মচাৰীয়েও৷ অভিযোগ অনুসৰি, যোৰহাট আৰক্ষীৰ তদন্তৰ গাফিলটিৰ বাবে জামিনলাভ কৰিলে আটাইকেইজন অভিযুক্তই৷ কোনোধৰণৰ শক্তিশালী প্ৰমাণিক তথ্য দাখিল কৰিব নোৱাৰিলে তদন্তকাৰী আৰক্ষীয়ে৷