Sci & Tech
গুৱাহাটীঃ নিশাৰ আন্ধাৰত মহাগৰীত ভিন্ন ঘটনাৰ সূত্ৰপাত হয়! কালি মাজনিশা পল্টন বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পল্টন বজাৰ আৰক্ষী থানাৰ সন্মুখত কিন্নৰৰ এটা দলে উদ্ভণ্ডালি কৰে।
ধন নিদিয়াৰ বাবেই লখিমপুৰৰ এক দম্পতীক প্ৰহাৰ কৰিছিল কিন্নৰ দলটোৱে। বাধা দিবলৈ যোৱা আৰক্ষীকো প্ৰহাৰ কৰিছিল উদণ্ড কিন্নৰসকলে।
পাছত কিন্নৰৰ দলটোৰ আক্ৰমণৰ পৰা দম্পতীক উদ্ধাৰ কৰে পল্টন বজাৰ আৰক্ষীয়ে। তাৰ পাছতেই পল্টন বজাৰ আৰক্ষী থানাৰ সন্মুখত কিন্নৰ দলটোৱে উদ্ভণ্ডালি কৰিবলৈ আৰম্ভ কৰে। মুমূৰ্ষু অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় প্ৰহৃত দম্পতীক।
Leave A Comment