• নিৰন্তৰ প্ৰতিবাদৰ ফল! ডবকা বনাঞ্চলৰ গছ কাটি সম্প্ৰসাৰণ নহয় ফ'ৰলেন

    আঞ্চলিক
    নিৰন্তৰ প্ৰতিবাদৰ ফল! ডবকা বনাঞ্চলৰ গছ কাটি সম্প্ৰসাৰণ নহয় ফ'ৰলেন

    ডিজিটেল ডেস্কঃ বহু প্ৰতীক্ষাৰ অন্তত এক ভাল খবৰ আহিল হোজাই জিলাৰ ডবকালৈ। কেন্দ্ৰৰ বন পৰিৱেশ দপ্তৰৰ মহাপৰিদৰ্শকে ঘোষণা কৰিলে যে ডবকা সংৰক্ষিত বনাঞ্চলৰ গছ কাটি সম্প্ৰসাৰণ কৰা নহয় ফ'ৰলেন। ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ৬২০০ জোপা মূল্যৱান গছ কাটি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰিত কৰাৰ যি সিদ্ধান্ত আছিল সেয়া এতিয়া বাতিল হৈছে। এই খবৰ পোৱাৰ পাছতে উৎফুল্লিত হৈ পৰিছে ডবকাবাসীৰ লগতে বিভিন্ন দল-সংগঠন। উল্লেখ্য যে ডবকা সংৰক্ষিত বনাঞ্চলৰ ৬২০০ জোপা মূল্যৱান গছ কাটি ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰাৰ তীব্ৰ বিৰোধিতা কৰি ১৫ অক্টোবৰৰ পৰা আন্দোলন কৰি আছিল হোজাই জিলা আছু, হোজাই জিলা আমছু, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদকে ধৰি ভিন্ন দল-সংগঠনে। অৱশেষত এই আন্দোলনৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল কেন্দ্ৰ চৰকাৰ।





    উল্লেখ্য যে যোৱা ২৫ নৱেম্বৰত নতুন দিল্লীলৈ গৈ হোজাই জিলাৰ আমছুৱে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী আৰু বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰীক সাক্ষাৎ কৰি গছ কাটি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰ্যৰ বিৰোধিতা কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰীৰ নিৰ্দেশত ডবকাত উপস্থিত হয় এগৰাকী বন বিভাগৰ উপ-মহাপৰিদৰ্শক। বন বিভাগৰ উপ-মহাপৰিদৰ্শকগৰাকীয়ে সমগ্ৰ বনাঞ্চলখনৰ বুজ লোৱাৰ পাছত পথ নিৰ্মাণৰ নামত গছ কটা নহব বুলি সিদ্ধান্ত লয়, কিয়নো ডবকা সংৰক্ষিত বনাঞ্চলৰ ছটা স্থানত হস্তী কৰিডৰ আছে আৰু বিভিন্ন বন্যপ্ৰাণীৰ বাসস্থান ডবকা সংৰক্ষিত বনাঞ্চল। সকলো দিশ চালি-জাৰি চোৱাৰ পাছত গছসমূহ কটা নহয় বুলি ঘোষণা কৰে বন বিভাগৰ উপ-মহাপৰিদৰ্শকগৰাকীয়ে। পথছোৱা এতিয়া ডবকা সংৰক্ষিত বনাঞ্চলৰ পৰিৱৰ্তে বিকল্প স্থানেৰে নিয়াৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বন, পৰিৱেশ দপ্তৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। এই খবৰে স্বাভাৱিকতে সুখী কৰি তুলিছে প্ৰতিজন প্ৰকৃতিপ্ৰেমীক।





    ডবকাৰ খবৰটোৱে সুখী কৰিছে যদিও এতিয়াও দেশ বা ৰাজ্যৰ ভিন্ন প্ৰান্তত বন ধ্বংস কাৰ্য নিৰন্তৰভাৱে চলিয়েই আছে, সেয়া নিশ্চয়কৈ চিন্তনীয় বিষয়। যধে-মধে গছ কটাৰ ফলত গৰমৰ উত্তাপত মানুহ থাকিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হল।নিৰ্বননিকৰণৰ ব্যাপক নাশকৰী প্ৰভাৱে গোটেই বিশ্বকে গো-গ্ৰাসে গিলিবলৈ লৈছে।এই প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ বাবে বৃক্ষৰোপণ আৰু পুনৰ বননিকৰণৰ এক বৃহৎ কাৰ্যসূচী ৰুপায়ণ কৰা আৰু পৃথিৱীৰ সেউজীয়া আৱৰণখনক সকলো নাশকাৰী প্ৰভাৱৰ পৰা মুক্ত ৰখা আৱশ্যক। সেউজীয়া অৰণ্যাঞ্চলৰ ধ্বংসকৰণ বা হ্ৰাসকৰণ প্ৰক্ৰিয়া নিৰন্তৰ চলি আছে।





    ১৯৩০ৰ দশকত ভাৰতৰ মুঠ মাটিকালিৰ এক তৃতীয়াংশ অৰণ্যৰে আৱৰা আছিল। বাৰ্তমান মুঠ মাটিকালিৰ ২০ শতাংশহে সেউজীয়া অৰণ্যঞ্চলেৰে আবৃত। নিৰ্বননিকৰণৰ প্ৰভাৱত ভাৰতবৰ্ষই বছৰি ১৫ লাখ হেক্টৰ অৰণ্যাঞ্চল হেৰুৱায়। ১৯৫১-৭৬ৰ, এই ২৫ বছৰৰ ভিতৰত ভাৰতবৰ্ষই হেৰুওৱা অৰণ্যৰ মুঠ পৰিমাণ ৪১ লাখ হেক্টৰ। মানুহ সাৱধান হোৱাৰ সময় আহি পৰিছে। অৰণ্য মানৱ যাদৱ পায়েঙে গছ কটাৰ সন্দৰ্ভত কৈছিল যে ''মানুহে গছ নোৰোৱে নাই…কিন্তু থকা গছ কেইডাল অন্তত নাকাটিব…সেই কেইডালকে জীয়াই থাকিবলৈ দিয়ক।'' বৰ্তমান সময়ত ডবকা সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত অন্য বন ক্ষেত্ৰসমূহতো যাতে লোৱা হয় তাৰে আশা কৰিছে প্ৰকৃতিপ্ৰেমীসকলে।





    আৰু পঢ়কঃ দেশৰ পৰৱৰ্তী চিডিএছ কোন? অস্থায়ী দায়িত্বৰে নাৰৱানেই চম্ভালিছে তিনি সামৰিক বাহিনীৰ শীৰ্ষ পদ