International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
ডিজিটেল ডেস্ক : অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত অব্যাহত আছে উগ্ৰপন্থীবিৰোধী অভিযান। শনিবাৰে আবেলি ২ মান বজাত তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অঞ্চল জাগুনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চল পৰা এগৰাকী আলফা(স্বাধীন)ৰ মহিলা কেডাৰ আটক কৰে অভিযানকাৰীৰ দলে।
জয়ৰামপুৰত থকা ১৯নং অসম ৰাইফলছ আৰু অসম আৰক্ষীয়ে এক গোপন তথ্যৰ আধাৰত মহিলা কেডাৰগৰাকীক আটক কৰে। আটকাধীন মহিলা কেডাৰগৰাকীৰ নাম পূৰ্ণিমা বৰা(৩৭) ওৰফে মিটু অসম বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ গোলাঘাটৰ সৰুপথাৰত বুলি জানিব পৰা গৈছে। আলফা স্বাধীনৰ সদস্যগৰাকী বৰ্তমান তিনিচুকীয়া আৰক্ষীৰ জিম্মাত আছে।
Leave A Comment