• নিৰ্দিষ্ট অৰ্হতাসম্পন্ন ব্যক্তিহে হ’ব পাৰিব সাৰৰ পাইকাৰী বিক্ৰেতাঃ অতুল বৰা

    আঞ্চলিক
    নিৰ্দিষ্ট অৰ্হতাসম্পন্ন ব্যক্তিহে হ’ব পাৰিব সাৰৰ পাইকাৰী বিক্ৰেতাঃ অতুল বৰা

    গুৱাহাটীঃ অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই আজি সংবাদমেল সম্বোধন কৰে। অসমত অধিক দামত সাৰ বিক্ৰী হৈছে বুলি সংবাদমেলত তেওঁ ক্ষোভ প্ৰকাশ কৰে। অসমত প্ৰযোজন অনুপাতে সাৰৰ যোগান নাই বুলি উল্লেখ কৰে বৰাই। অসমত ৩৪৪টা সাৰৰ পাইকাৰী প্ৰতিষ্ঠান থকাৰ বিপৰীতে ইয়াৰে ৩খনৰ অনুজ্ঞা-পত্ৰ বাতিল কৰা হৈছে বুলিও আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। ৰাজ্যত ১৬,১৫খন আছে খুচুৰা সাৰৰ বিক্ৰী প্ৰতিষ্ঠান আছে। ৩৮০খন প্ৰতিষ্ঠানৰ বিৰুদ্ধে জাননী জাৰী কৰা হৈছে।





    ৰাজ্যত সাৰ যোগানৰ ক্ষেত্ৰত কিছু সংস্কাৰ চৰকাৰে আনিব বুলিও সংবাদমেলত সদৰী কৰে। সাৰ বিক্ৰীৰ ক্ষেত্ৰত ৩টা সংস্কাৰৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। কৃষকক সাৰ বিক্ৰীৰ ক্ষেত্ৰত খুচুৰা বিক্ৰেতাই ‘POS’ মেচিন ব্যৱহাৰ কৰিব লাগিব বুলিও তেওঁ মত প্ৰকাশ কৰে। খুচুৰা বিক্ৰেতাই ১ কিলোগ্ৰাম সাৰ বিক্ৰী কৰিলেও ব্যৱহাৰ কৰিব লাগিব POS। POS মেচিন ব্যৱহাৰৰ ক্ষেত্ৰত জিলা প্ৰশাসনে চকু ৰাখিব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।





    কৃষি সঞ্চালকালয়ে প্ৰশিক্ষণ প্ৰদান কৰিব POS ব্যৱহাৰৰ ক্ষেত্ৰত। কিমান দামত কিমান সাৰ লাভ কৰিলে তাৰ তথ্য লাভ কৰিব পাৰিব বিভাগে। দীৰ্ঘদিনে ৰিটেল আই ডি নথকাকৈ সাৰ বিক্ৰী কৰি আহিছিল খুচুৰা ব্যৱসায়ীসকলে। প্ৰতিখন প্ৰতিষ্ঠানৰ সন্মুখত সাৰ আৰু মূল্যৰ ফলক আঁৰি থ’ব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এটা অঞ্চলৰ অনুমতি-পত্ৰ লৈ আন এটা প্ৰান্তত বিক্ৰী কৰিব নোৱাৰিব সাৰ। ‘স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা নিৰ্দিষ্ট অৰ্হতা থকা লোকেহে পাইকাৰী বিক্ৰেতাৰ অনুমতি লাভ কৰিব’- বুলিও তেওঁ উল্লেখ কৰে।





    ৰাসাযনিক সাৰৰ একচেতীয়া ব্যৱসায় নচলিব বুলিও বৰাই সংবাদমেলত সদৰী কৰে। সাৰৰ বিক্রেতাৰ শিক্ষাগত অৰ্হতাও এতিয়াৰেপৰা চোৱা হ’ব বুলি উল্লেখ কৰে তেওঁ। ২১ দিনৰ ভিতৰত শিক্ষাগত অৰ্হতাৰ তথ্য দিব লাগিব, পাইকাৰী আৰু খুচুৰা বিক্রেতাই। স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিভাগৰ স্নাতক বা ডিপ্লমাধাৰী হ’ব লাগিব বিক্রেতাসকল।