Sci & Tech
ট’কিঅ’ : শনিবাৰে পুৰুষৰ জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰাই চলিত অলিম্পিকত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া সমাৰোহৰ অন্তিম দিনটোত নীৰজ চোপ্ৰাই স্বৰ্ণ জয়েৰে তথা চমকপ্ৰদ প্ৰদৰ্শনেৰে ট’কিঅ’ৰ প্ৰতিযোগিতাত ২টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদকসহ মুঠ ৭টা পদকৰ সৈতে স্মৰণীয় যাত্ৰাৰ মোখনি মাৰিলে ভাৰতে।
দেশৰ হৈ ট’কিঅ’ অলিম্পিকত প্ৰথমটো পদক লাভ কৰিছিল পূৰ্ৱোত্তৰ কন্যা মীৰাৱাঈ চানুৱে। তেওঁ মহিলাৰ ৪৯ কিঃগ্ৰাঃ ভাৰোত্তোলন শাখাত ৰূপৰ পদক লাভ কৰিছিল। চানুৱে মুঠ ২০২ কিঃগ্ৰাঃ (৮৭ কিঃলগ্ৰাঃ+১১৫ কিঃগ্ৰাঃ) ভাৰোউত্তোলন কৰিছিল। মণিপুৰৰ ইম্ফল পূৱ জিলাৰ পাদদেশত থকা নংপোক কাকচিং গাঁৱৰ বাসিন্দা ২৬ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰথম দিনাই ভাৰোত্তোলন পদকৰ বাবে ভাৰতৰ ২১ বছৰীয়া অপেক্ষাৰ অন্ত পেলাইছিল। মীৰাৱাঈৰ চমকপ্ৰদ প্ৰদৰ্শনে ভাৰতক প্ৰথমটো পদকৰ সোৱাদ দিবলৈ সক্ষম হৈছিল।
দ্বিতীয়তো পদক লাভ কৰিছিল পি ভি সিন্ধুৱে। পি ভি সিন্ধু প্ৰথম ভাৰতীয় মহিলা আৰু সুশীল কুমাৰৰ পাছত দ্বিতীয় ভাৰতীয় এথলীট হিচাপে ২টা ব্যক্তিগত অলিম্পিক পদক জয়লাভ কৰিছে চলিত অলিম্পিকত। হায়দৰাবাদৰ শ্বাটলাৰ গৰাকীয়ে চীনৰ হি-বিং-জিয়াওক ২১-১৩, ২১-১৫ৰ ব্যৱধানত পৰাভূত কৰি মহিলাৰ ছিংগলছ প্ৰতিযোগিতাত ব্ৰঞ্জ পদকৰ যোগ্যতা অৰ্জন কৰিছিল।
অসম জীয়ৰী লাভলীনা বৰগোহাঞিয়ে অলিম্পিক গেমছত পোডিয়াম ফিনিছ নিশ্চিত কৰা তৃতীয় ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ভাৰতীয় এথলীট বিজেন্দ্ৰ সিং আৰু মেৰী কমৰ পাছত চলিত অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত চীনা এথলীট টাইপেইক পৰাস্ত কৰি পদক লাভৰ পথ প্ৰশস্ত কৰিছিল লাভলীনাই। অৱশ্যে, ছেমি ফাইনেলত বিশ্ব চেম্পিয়ন বুছেনাজ ছুৰমেনেলীৰ বিৰুদ্ধে ৫-০ৰ ব্যৱধানত পৰাভূত হয় যদিও ব্ৰঞ্জৰ পদক লাভ কৰি স্বগৃহলৈ উভতে লাভলীনাই। অসমৰ গোলাঘাট জিলাৰ বৰপথাৰৰ ২৩ বছৰীয়া যুৱতীগৰাকীয়ে ৯ বছৰৰ ভিতৰত ভাৰতীয় বক্সিংত প্ৰথমটো অলিম্পিক পদক লাভ কৰে। ২৩ বছৰীয়া আৰ এ ভি ট’কিঅ’ ২০২০ অলিম্পিকত পদক জয় কৰা দ্বিতীয় গৰাকী ভাৰতীয় নৱাগত খেলুৱৈ হিচাপে পৰিগণিত হৈছে লাভলীনা বৰগোহাঞি।
পুৰুষৰ ৫৭ কিঃগ্ৰাঃ ফ্ৰী-ষ্টাইল কুস্তীত অংশগ্ৰহণ কৰি ৰবি কুমাৰ দাহিয়াই ৰূপৰ পদক অৰ্জন কৰে আৰু ব্যক্তিগত প্ৰতিযোগিতাত অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা সপ্তম ভাৰতীয় হিচাপে পৰিগণিত হয়। দুবাৰৰ বিশ্ব চেম্পিয়ন জাভুৰ উগুয়েভৰ বিৰুদ্ধে ৭-৪ৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত চনিপতত জন্মগ্ৰহণ কৰা গ্ৰেপলাৰে দ্বিতীয় স্থানত সন্তুষ্ট হ’ব লগা হয়।
১৯৮০ চনৰ মস্কো অলিম্পিকত স্বৰ্ণ পদক লাভ কৰাৰ পাছৰে পৰা অলিম্পিক পদক লাভৰ পৰা বঞ্চিত ভাৰতৰ পুৰুষ হকী দলে চলিত অলিম্পিকৰ ৰোমাঞ্চকৰ খেলত জাৰ্মানীক ৫-৪ গ’লত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছে। এইটো ট’কিঅ’ ২০২০ গেমছত ভাৰতৰ পঞ্চমটো পদক আছিল।
মল্লযোদ্ধা বজৰং পুনিয়াই পুৰুষৰ ৬৫ কিঃগ্ৰাঃ ফ্ৰী-ষ্টাইল কুস্তী প্লে-অফত কাজাখাস্তানৰ ডাউলেট নিয়াজৱেকভক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। এইটো ট’কিঅ' অলিম্পিকৰ ভাৰতৰ ষষ্ঠ পদক আছিল।
নীৰজ চোপ্ৰাই অভিনৱ বিন্দ্ৰাৰ পাছত গল্ডেন থ্ৰ’ৰে ভাৰতৰ দ্বিতীয় ব্যক্তিগত অলিম্পিক চেম্পিয়ন বুলি বিবেচিত হৈছে। তেওঁ এথলীটিৰকছ/ট্ৰেক এণ্ড ফিল্ডত পদক লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথম অলিম্পিয়ান।
উল্লেখ্য যে, প্ৰথম বাৰৰ বাবে ভাৰতে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত ৭টা পদক জয়লাভ কৰিবলৈ সক্ষম হৈছে। ১৮টা ক্ৰীড়া শাখাত ১২৬ জনীয়া খেলুৱৈৰ বৃহত দল ভাৰতে ট’কিঅ’ অলিম্পিকলৈ প্ৰেৰণ কৰিছিল। ভাৰতীয় খেলুৱৈসকলে সমগ্ৰ দেশত ৬৯টা সংগ্ৰহমূলক ইভেণ্টত অংশগ্ৰহণ কৰিছিল,ইয়াৰ পূৰ্বে ভাৰতে ইমান ইভেন্টত অংশগ্ৰহণ কৰা নাছিল।
Leave A Comment