• নুনমাটি হাইস্কুলৰ দুগৰাকীকৈ শিক্ষয়িত্ৰীৰ দেহত ক’ভিড-১৯

    আঞ্চলিক
    নুনমাটি হাইস্কুলৰ দুগৰাকীকৈ শিক্ষয়িত্ৰীৰ দেহত ক’ভিড-১৯

    গুৱাহাটী : নুনমাটি হাইস্কুলৰ দুগৰাকীকৈ শিক্ষয়িত্ৰীৰ দেহত ক'ভিডৰ উপস্থিতিয়ে দেখা দিছে। দুয়োগৰাকীয়ে কৰ্মৰত অৱস্থাত আছিল বিদ্যালয়খনত। বিগত কিছুদিন ধৰি জ্বৰ,চৰ্দীন আৰু কাহত ভুগি আছিল দুয়োগৰাকী শিক্ষয়িত্ৰী।





    আৰু পঢ়িব পাৰিব: কৰ’নাৰ কালৰূপ : শুকুৰবাৰে নতুনকৈ ক’ভিডত আক্ৰান্ত ৩ লক্ষাধিক লোক





    উল্লেখ যে, বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে চাৰিদিন পূৰ্বে ক'ভিড ভেকচিন লৈছিল যদিও ভেকচিন লোৱাৰ পাছতে তেওঁ আক্ৰান্ত হয় কৰ'নাত। ইপিনে শিক্ষয়িত্ৰী দুগৰাকী বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহু কেইজন কৰ্মচাৰীৰ সংস্পৰ্শলৈ আহিছিল। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী কৰ'নাত আক্ৰান্ত হোৱাৰ লগে লগে শনিবাৰৰ দিনটোত সম্পূৰ্ণৰূপে পাঠদান বন্ধ কৰি দিয়ে বিদ্যালয়খনত।





    আৰু পঢ়িব পাৰিব: কাছাৰত ডকাইতি কাণ্ডঃ লুটিলে ধনসহ আ-অলংকাৰ





    শনিবাৰৰ দিনটো পাঠদান বন্ধ কৰাৰ বাবে বিদ্যালয়ৰ অধ্যক্ষই জাৰি কৰিছে জাননী। বিদ্যালয়খনৰ দুই-এগৰাকী শিক্ষয়িত্ৰী কৰ'নাত আক্ৰান্ত হোৱাৰ পাছতে এতিয়া শংকাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকল।