• নৃশংস হত্যাকাণ্ডঃ জীয়ৰীৰ হাতত প্ৰাণ গ’ল সুৰাসক্তৰ

    আঞ্চলিক

    বৰপেটাৰোডঃ বৰপেটাৰ সৰভোগত পুনৰ শোকাৱহ ঘটনা সংঘটিত হৈছে৷ জীয়ৰীয়ে প্ৰাণ ল’লে এজন ব্যক্তিৰ৷ সুৰাসক্ত পিতৃৰ অত্যাচাৰত অতিষ্ঠ হৈ লোৰ ৰ'ডেৰে কোবাই, কটাৰীৰে ঘপিয়াই হত্যা কৰে এগৰাকী নাবালিকাই৷ হত্যাৰ বলি হোৱা লোকজনৰ নাম গৌৰী দাস (৫০)৷ বুধবাৰে সৰভোগৰ শুকানজাঁনি গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনাটো৷ এখন সৰু চাহ দোকানেৰে পৰিয়াল পোহপাল দিয়া গৌৰীয়ে প্ৰায়ে সুৰা ৰাগীত মাতাল হৈ সময়ে সময়ে পৰিয়ালটোক নানাধৰণে মাৰপিট কৰাৰ লগতে অত্যাচাৰ চলাই আহিছিল৷ মাতৃৰ লগতে কন্যা আৰু পুত্ৰকো শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল লোকজনে৷

    আনকি আমাৰ সাংবাদিকে জনোৱা অনুসৰি, ওচৰ চুবুৰীয়াৰ লগতে পৰিয়ালৰ আন আন সদস্যকো ভয়-ভাবুকি দিয়াৰ লগতে কিছু লোকক মাৰপিট চলাই আহিছিল লোকজনে৷ লোকজনৰ ভয়ত সকলো কম্পমান হৈ থাকিবলগীয়াৰ লগতে চুবুৰীয়া কোনো লোকে তেওঁলোকৰ ঘৰলৈ আহিবলৈ এৰিছিল৷ বিগত বুধবাৰেও সুৰা সেৱন কৰি অহা পিতৃয়ে মাকক মাৰপিট কৰি থকাৰ পাছতে অতিষ্ঠ হৈ নাবালিকা কন্যাগৰাকীয়ে লোৰ ৰ’ডেৰে কোবোৱাৰ লগতে কটাৰীৰে ঘপিয়াই হত্যা কৰে পিতৃক৷ হত্যাকাণ্ড সংঘটিত কৰিয়েই সৰভোগ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে পত্নী বাসন্তী দাস (৩৫) আৰু ১৫ বছৰীয়া নাবালিকাগৰাকীয়ে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বিচনাত উদ্ধাৰ কৰে মৃতদেহটো৷ ইপিনে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত চলাই নাবালিকাগৰাকীক আটক কৰাৰ লগতে আজি আদালতত হাজিৰ কৰিব বুলি আমাৰ হাতলৈ খবৰ আহিছে! এই ঘটনাক লৈ সমগ্ৰ সৰভোগতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷

    Weather Forecast