Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
লামডিং : এক নৃশংস হত্যাকাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ লামডিং৷ লামডিঙৰ এজন যুৱক বোকাজান ফুলবাৰীত নৃশংস হত্যাৰ বলি হয় । সোমবাৰে যুৱকজনৰ মৃতদেহ লামডিঙত অনাৰ পাছত সমগ্র অঞ্চলত এই ঘটনাক লৈ চাঞ্চলৰ সৃষ্টি হয়।
জানিব পৰা মতে, লামডিং হাটীখুলি ননকে বস্তিৰ বাবুল কুৰ্মী আৰু তেওঁৰ সতীৰ্থ কাৰ্তিক ভূঞা বোকাজানৰ ফুলবাৰীৰ তপন দে নামৰ লোকজনৰ ঘৰত বাসগৃহ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল। দিনৰ ভাগত খোৱাৰ আহাঁৰ বনোৱাক লৈ একে লগতে কাম কৰা জুইৱেৰ আহেমদ ওৰফে সুমনৰ লগতে কাজিয়াত লিপ্ত হৈছিল৷
পাছত নিশাৰ ভাগত জুইৱেৰ আহমেদে বাবুল কুৰ্মী আৰু কাৰ্তিক ভূঞাক মৰিয়াই গুৰুত্বৰভাৱে আঘাপ্ৰাপ্ত কৰে । দুয়োকে ডিমাপুৰ চিকিৎসালয়ত লৈ যোৱা হয় যদিও চিকিৎসকে লামডিঙৰ বাবুলক মৃত বুলি ঘোষণা কৰে। বৰ্তমান লামডিঙত চিকিৎসাধীন আহত কাৰ্তিক ভূঞা। এই সন্দৰ্ভত বোকাজান থানাত গোচৰ ৰুজু হৈছে৷ বৰ্তমান হত্যাকাৰী পলাতক বুলি জানিব পৰা হৈছে।
Leave A Comment