• নৈৰ বুকুত উদ্ধাৰ আয়ুস্মানৰ মৃতদেহ !

    আঞ্চলিক

    ডিব্ৰুগড় : নিমাতীঘাটৰ শোকাৱহ ঘটনা মাৰ নৌ যাওতে পুনৰ নৈৰ বুকুত প্ৰাণ গ'ল এটি শিশুৰ৷
    ডিব্ৰুগড়ৰ জকাই খামটিঘাটত শনিবাৰে বুঢ়ীদিহিঙত নিখোজ শিশু আয়ুস্মান দুৱৰাৰ মৃতদেহ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে জনোৱা মতে শিশুৰ ঘৰ সোণোৱাল চাপৰিত৷

    তাৰ পৰা ২কিলোমিটাৰ নিলগত গা ধুবলৈ গৈ নিখোজ হৈ আছিল শিশুটি৷ প্ৰত্যক্ষদৰ্শীৰ মতে শিশুৰ চাইকেল নৈৰ পাৰত দেখিছিল৷ শিশুটি নিৰুদ্দেশ হোৱাৰ পাছৰে পৰা আৰক্ষীয়ে বিচাৰ খোচাৰ আৰম্ভ কৰে৷

    উদ্ধাৰ কৰাৰ পাছত পৰিয়ালৰ লোকে চিনাক্ত কৰে মৃতদেহটো৷

    Weather Forecast