International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
ডিজিটেল ডেস্ক: ৮ ছেপ্টেম্বৰত সংঘটিত হোৱা মাজুলীৰ শোকাৱহ নাও দুৰ্ঘটনাৰ পিছতে আভ্যন্তৰীণ জল পৰিৱহণ বিভাগৰ আচল স্বৰূপো উন্মোচিত হৈছে।মাজুলীৰ নৌ পৰিৱহণ ব্যৱস্থা যে সম্পূৰ্ণৰূপে ব্যক্তিগত ফেৰীৰ ওপৰত নিৰ্ভৰশীল হৈ আছিল সেই কথাও এই দুৰ্ঘটনাৰ পিছতেই স্পষ্ট হৈ পৰিছেৰ্দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে মুখ্যান্ত্ৰীয়ে এটা ইঞ্জিনযুক্ত নাওৰ চলাচল বন্ধ ঘোষণা কৰাৰ পিছৰ পৰাই কাৰ্যত: বন্ধ হৈ পৰে মাজুলীৰ সমগ্ৰ যাতায়ত ব্যৱস্থা। ইয়াৰ ফলত এইকেইটা দিনত সাধাৰণ যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।দেখা গৈছে যে পুৱা ৰাতি ৩ বজাতে কমলাবাৰী ঘাটত বাহৰ পাতিব লগা হৈছে যাত্ৰীয়ে। টিকট বঞ্চিত যাত্ৰীয়ে আনকি নদীলৈ জঁপিওৱাৰ বাবেও উদ্যত হৈছে। এনে এক পৰিস্থিতিত মাজুলীলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানো ভীষণভাৱে ব্যাহত হৈছে। বিষম সমস্যাৰ সৃষ্টি হৈছে খাদ্যৰ যোগানক লৈ।
উল্লেখ্য যে মাজুলীৰ সকলো খাদ্য আৰু অত্যাবশ্যকীয় সামগ্ৰী আহে যোৰহাটৰ পৰা।কিন্তু এটা ইঞ্জিনযুক্ত নাওৰ চলচল বন্ধ কৰাৰ লগে লগে মাজুলীলৈ খাদ্য সামগ্ৰী অনাৰ কোনো ব্যৱস্থা এতিয়া নোহোৱা হৈছে।ফলত মাজুলীৰ বিভিন্ন অঞ্চলত এতিয়া দেখা দিছে ভয়ংকৰ খাদ্য সংকটে। আলু,দাইল, চেনি, চাহ , নিমখ, গৃহ নিৰ্মাণ সামগ্ৰী আদিৰ ভীষণ অভাৱে এতিয়া জীয়াতু ভোগাইছে মাজুলীৰ সৰ্বসধাৰণক। অৱশ্যে বগীবিল দলং হৈ মাজুলীলৈ সামগ্ৰী পৰিৱহনৰ এক বিকল্প পথ আছে।কিন্তু সেই পথেৰে সামগ্ৰী পৰিৱহণ কৰাটো অত্যন্ত ব্যয়বহুল হৈ পৰে। চৰকাৰে উক্ত পথ ব্যৱহাৰ কৰি খাদ্য সামগ্ৰী বিতৰণৰ দিহা দিছে যদিও মাজুলীৰ ব্যৱসায়ীসকলে উক্ত পথ ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকশ কৰিছে। তেওঁলোকে স্পষ্ট কৰি দিছে যে এইদৰে খাদ্য সামগ্ৰী পৰিৱহণ কৰিবলৈ হ’লে প্ৰায় দুগুণ মূল্য পৰিশোধ কৰিব লাগিব মাজুলীবাসীয়ে।
পৰিতাপৰ কথা এয়া যে এই ভীষণ খাদ্য সংকটৰ পৰা সৰ্বসাধাৰণক মুক্তি দিয়াৰ বাবে চৰকাৰেও এতিয়ালৈকে কোনো ব্যৱস্থা হাতত লোৱা নাই।বগীবিল দলং হৈ খাদ্য সামগ্ৰী পৰিৱহণৰ দিহা দিয়েই দায়িত্ব সামৰিছে ৰাজ্য চৰকৰখনে।অৱশ্যে জিলা প্ৰশাসনে ৰ’পেক্সত কম পৰিমাণে খাদ্য সামগ্ৰী অনা নিয়াৰ সুবিধা কৰি দিছে যদিও সেয়া পৰ্যাপ্ত নহয়। এনে এক পৰিস্থিতিত প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ মাজুলী। আছু, যুৱ ছাত্ৰ পৰিষদ, অসম সাহিত্য সভাৰ মজুলী শাখা, টি এম পি কে আদিকে ধৰি বিভিন্ন দল সংগঠনে আজি গড়মূৰৰ জিলা সদৰত এক প্ৰতিবাদী কাৰ্যসূচীৰো আয়োজন কৰে।
Leave A Comment