• ন্যায়ৰ বাবে আৰক্ষী চকীলৈ যোৱা ব্যৱসায়ী চাৰিদিনে সন্ধানহীন

    আঞ্চলিক
    ন্যায়ৰ বাবে আৰক্ষী চকীলৈ যোৱা ব্যৱসায়ী চাৰিদিনে সন্ধানহীন

    সোণাৰী : সোণাৰীত চাৰিদিনে সন্ধানহীন হৈ আছে এগৰাকী ব্যৱসায়ী৷ সোণাৰীৰ কাষৰীয়া চফ্ৰাই মোহন গাঁও অঞ্চলৰ পৰা বিগত চাৰিদিন ধৰি নিৰুদ্দেশ হৈ থকা এজন যুৱ-ব্যৱসায়ীৰ মটৰচাইকেলখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ইপিনে জানিব পৰা মতে চফ্ৰাই আৰক্ষীয়ে মাতি পঠিওৱাৰ পাছত নিৰুদ্দেশ হৈ আছে ব্যৱসায়ীজন৷ খবৰ অনুসৰি উক্ত গাঁৱৰ উমাকান্ত ফুকন নামৰ যুৱকজনৰ একেখন গাঁৱৰ আন দুজন যুৱকৰ সৈতে বালিৰ ব্যৱসায়ক লৈ বিবাদ চলি আছিল।





    আৰু পঢ়িব পাৰিব :বাইক ৰাইডাৰৰ বাবে সুখবৰ: উত্তৰ-পূৰ্বাঞ্চলতো হ’ব Motocross Track





    ইয়াকে লৈ উমাকান্ত নামৰ যুৱকজনে চফ্ৰাই আৰক্ষীচকীত ১ মাৰ্চত এজাহাৰ দাখিল কৰিছিল। কিন্তু ১ মাৰ্চত যুৱকজনক চফ্ৰাই আৰক্ষীয়ে মাতি পঠিওৱাত নিশা প্ৰায় ৯ বজাত নিজৰ মটৰ চাইকেলেৰে ওলাই গৈছিল। কিন্তু নিশা ওলাই যোৱা যুৱকজন পিছদিনা পুৱা পৰ্যন্ত ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। ইফালে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰাৰ অন্তত পৰিয়ালৰ সদস্যসকলে চফ্ৰাই আৰক্ষী চকীত যুৱকজন সন্দেহজনক পৰিস্থিতিত নিৰুদ্দেশ হোৱা বুলি এক এজাহাৰ দাখিল কৰে।





    আৰু পঢ়িব পাৰিব :তাজমহলত বোমা আক্ৰমণ! আৰক্ষীলৈ অহা ফোনকলৰ পাছত আতংক





    ইয়াৰ মাজতে কালি নিশা যুৱকজনৰ বাইকখন নিজ ঘৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ আঁতৰত দিচাং নৈৰ কাষৰীয়া এডোখৰ হাবিতলীয়া ঠাইত পৰিত্যক্ত অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে।