• ন্যায়ৰ বাবে সন্তানক কোলাত লৈ ৰাজপথত প্ৰতিবাদ মহিলাৰ

    আঞ্চলিক
    ন্যায়ৰ বাবে সন্তানক কোলাত লৈ ৰাজপথত প্ৰতিবাদ মহিলাৰ

    বকো : বকোৰ ছমৰীয়াত দেখিবলৈ পোৱা গৈছে এক হৃদয় বিদাৰক দৃশ্য! এহাতে সন্তান, আনখন হাতেৰে স্বামীৰ ফটো বুকত সাৱটি ৰাজপথত প্ৰতিবাদত নামিল এগৰাকী বিধৱা৷ আঢ়ৈমাহ পূৰ্বে হত্যাৰ বলি হোৱা স্বামীৰ ন্যায় বিচাৰি হাহকাৰ কৰিছে মহিলাগৰাকীয়ে! অভিযোগ অনুসৰি, তদন্তকাৰী বকো আৰক্ষীয়ে হত্যাকাণ্ডৰ গাপ দিয়াৰ চেষ্টা কৰিছে৷ দুৰ্ভগীয়া পৰিয়ালটোৱে আজিও নাপালে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল। এই হত্যাকাণ্ডত জড়িত আছিল আৰক্ষীৰ গাড়ীচালকো৷





    যাৰ ফলত দুমাহৰ পাছতে হত্যাকাণ্ডত জড়িত তিনি অভিযুক্ত বৰ্তমান মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে৷ ভুক্তভোগীৰ ভাষ্য অনুসৰি, বকোৰ ছমৰীয়াত চলিত বছৰৰ ১৪ এপ্ৰিল অৰ্থাৎ পহিলা ব’হাগ বিহুৰ দিনাই সংঘটিত হৈছিল এই হত্যাকাণ্ড৷ দোকান বন্ধ কৰি ঘৰলৈ ওভতাৰ পথত বকো ছমৰীয়াৰ ২নং মাকেলীত এটা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী বিশ্বজিৎ বিশ্বাস (৩০)ক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। তিনি বন্ধুৱে একেলগে এটা স্থানত নৈশভোজন কৰি ওভতাৰ পথত সংঘটিত কৰিছিল এই হত্যাকাণ্ড। ১৫ এপ্ৰিলৰ পুৱাৰভাগতহে বিশ্বজিৎ বিশ্বাসৰ নশ্বৰদেহ শিংৰা নৈৰ সুঁতিৰ পৰা উদ্ধাৰ কৰা হৈছিল। মুখমণ্ডলত বহুকেইটা আঘাতৰ চিন স্পষ্টৰ লগতে কাণ এখন কাটি দিয়া হৈছিল বিশ্বজিৎ বিশ্বাসৰ। ছমৰীয়াৰ আৰক্ষীচকীৰ গাড়ীচালক হৰকান্ত দাসসহ ছমৰীয়াৰ বাসিন্দা সঞ্জয় ৰাভা আৰু ধনঞ্জয় দাসক হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অপৰাধত ৰঙা ঘৰৰ আলহী হৈছিল। কিন্তু ৰহস্যজনকভাৱে দুমাহতে জামিন পাই সম্প্ৰতি মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে তিনিওজন হত্যাকাৰী। আৰক্ষীৰ ন্যায় ব্যৱস্থাত ক্ষুব্ধ হৈ আজি ছমৰীয়া মৌজা সুৰক্ষা সমিতিৰ উদ্যোগত ছমৰীয়া যুৱক সংঘৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে৷ সংবাদমেলত বকো আৰক্ষী থানাৰ তদন্তকাৰী আৰক্ষী বিষয়া কামাখ্যা মিশ্ৰই ঘটনাটোৰ তদন্ত নকৰি একপক্ষীয়ভাৱে হত্যাকাৰীক ৰক্ষণা-বেক্ষণ দি ঘটনাটো গাপ দিয়াৰহে চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপিত হৈছে।