• ন্যায় বিচাৰি মহিলাৰ প্ৰতিবাদঃ হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবী

    আঞ্চলিক
    ন্যায় বিচাৰি মহিলাৰ প্ৰতিবাদঃ  হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবী

    নগাঁওঃ মাইক্ৰ’ ফাইন্সেৰ কৰ্মচাৰীৰ নৃশংস হত্যাকাণ্ডৰ ন্যায় বিচাৰি নগাঁৱৰ কন্দলী কচুবস্তিত মহিলাৰ প্ৰতিবাদী কাৰ্যসূচী৷ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী তুলি ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক মহিলাই৷ নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ কঠিয়াতলী শাখাত কৰ্মৰত আছিল হাজোৰ কৃষ্ণ বৈশ্য নামৰ এজন যুৱক।





    আৰু পঢ়িব পাৰিব :চলচ্চিত্ৰ জগতৰ বাবে ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি





    কন্দলী ফায়েৰিং ফিল্ডৰ কাষৰ জংঘলত শুকুৰবাৰে সন্ধিয়া ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ৷ ধনৰ লালসাত কোনো দুৰ্বৃত্তই হাতে-ভৰিয়ে বান্ধি ডিঙি কাটি হত্যা কৰি ধন লৈ যোৱাৰ সন্দেহ আৰক্ষীৰ। ইতিমধ্যে আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ আনকি যুৱকজনৰ মটৰচাইকেলখনো এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই৷





    আৰু পঢ়িব পাৰিব :যোৰহাট-নগাঁৱত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড !





    কন্দলী আৰু কচুবস্তিৰ পৰা ঋনৰ ধন উঠাবলৈ গৈ দুদিন ধৰি সন্ধানহীন হৈ আছিল হাজোৰ কৃষ্ণ বৈশ্য নামৰ যুৱকজন। ঋনৰ ৫৪ হাজাৰ টকা সংগ্ৰহ কৰি বেংকলৈ ঘূৰি অহা নাছিল যুৱকজন৷ কঠিয়াতলী আৰক্ষীচকীত এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে যুৱকজনৰ মোবাইলৰ লোকেশ্যন চাই বামুণীৰ বিভিন্ন স্থানত অভিযান চলাই শুকুৰবাৰে সন্ধিয়া স্থানীয় লোকৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে।