ৰাষ্ট্ৰীয়
গুৱাহাটী : আজি সৰুসজাইত নৱনিযুক্ত এছআইক নিযুক্তিপত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। নিযুক্তি-পত্ৰ প্ৰদান কৰাৰ পূৰ্বেই উপ-পৰিদৰ্শকসকলক সতৰ্কবাণী দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। প্ৰশিক্ষণৰ সময়ত বিশেষ পৰীক্ষা ল’ব ডিজিপিগৰাকীয়ে।
আৰু পঢ়িব পাৰিব : নৃশংস : হত্যাকাৰীয়ে ৰান্ধি খুৱালে ভুক্তভোগীৰ হৃদপিণ্ড
যদি সেই পৰীক্ষাত উত্তীৰ্ণ নহয় তেনেহ’লে চাকৰিও হেৰুৱাব পাৰে নৱনিযুক্ত এছআইসকলে। সংস্কৃত শ্লোকৰে ভাষণ আৰম্ভ কৰি মুখ্যমন্ত্ৰীক উচ্চ প্ৰসংশা কৰে মহন্তই। তেওঁ লগতে কয় যে, ‘এইবাৰেই সৰ্বাধিক এছআই নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে যিসকলে উপ-পৰিদৰ্শকৰ পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰশিক্ষণলৈ গৈছিল তেওঁলোকৰ শতাধিকে প্ৰশিক্ষণৰ মাজত লোৱা পৰীক্ষাত অনুত্তীৰ্ণ হৈছিল।
আৰু পঢ়িব পাৰিব : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি ৰাজ্যপালৰ…
পাছত তেওঁলোকৰ প্ৰশিক্ষণৰ কাল ৬মাহ বৃদ্ধি কৰা হৈছিল। সেয়ে এইবাৰ তেনে ঘটনাৰ পুনৰাবৃত্তি হ’ব নালাগে। ডিজিপিৰ হাতত বিশেষ ক্ষমতা থাকে। সেই ক্ষমতাৰে তেওঁলোকৰ ওপৰত মই ব্যৱস্থা ল’ম।’ ভাষণৰ মাজতে এই কথা তেওঁ উল্লেখ কৰে। নিযুক্তি লাভ কৰা এছআইসকলক প্ৰথমবাৰৰ বাবে ‘North-East police academy’ত প্ৰশিক্ষণ দিয়া হ’ব বুলিও অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে।
Leave A Comment