মঙলদৈঃ প্ৰতিগৰাকী নাৰীৰে সপোন থাকে, এদিন সংসাৰ কৰিব! সেই সপোনৰ আঁত ধৰিয়ে বৈবাহিক জীৱনৰ পাতনি মেলিছিল এগৰাকী মেধাৱী ছাত্ৰীয়ে! কিন্তু ধূসৰ হৈ ৰ’ল তেওঁৰ অলীক স্বপ্ন! ‘শিক্ষক দিৱস’ৰ দিনটোত মঙলদৈৰ হাউলী মোহনপুৰত এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত আছে। আমাৰ সাংবাদিকে জনোৱা অনুসৰি, সুস্মিতা ডেকা নামৰ নৱবিবাহিত শিক্ষয়িত্ৰীগৰাকী স্বামীগৃহত ৰহস্যজনকভাৱে মৃত্যু হয়।
স্বামীগৃহৰ দাবী যে, ‘হাৰ্ট এটেক হৈ মৃত্যু ঘটিছে বোৱাৰী সুস্মিতা ডেকাৰ।’ কিন্তু সুস্মিতা ডেকাৰ পৰিয়ালৰ দাবী যে, ‘এয়া এক হত্যাকাণ্ড! বহুদিনৰ পৰা মানসিক উৎপীড়ন কৰি আহিছিল স্বামীৰ পৰিয়ালে।’ স্বামীগৃহৰ পৰিয়ালে নিশা সৎকাৰ কৰাৰ ব্যৱস্থাক লৈ তীব্ৰ বিৰোধিতা কৰে পিতৃগৃহৰ পৰিয়ালে। উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবে ঘটনাস্থলীত মঙলদৈ আৰক্ষী উপস্থিত হৈ মৃতদেহ নিশা থানালৈ ঘূৰাই নিয়ে। ইতিমধ্যে সুস্মিতাৰ পৰিয়ালে মঙলদৈ থানাত এখন এজাহাৰ দাখিল কৰে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে। এজাহাৰৰ ভিত্তিত শহুৰ আৰু স্বামীক আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে।
উল্লেখযোগ্য যে, মেধা সুস্মিতা ডেকা পশ্চিম মঙলদৈৰ ‘ডাঁহী মহাবিদ্যালয়’ আৰু ‘চিলাৰায় জুনিয়ৰ কলেজ’ৰ অংশকালীন শিক্ষয়িত্ৰীৰূপে কৰ্মৰত আছিল। মঙলদৈৰ হাউলীৰ নিবাসী কুশল মেধিৰ জ্যেষ্ঠ পুত্ৰ জ্যোতিষ্মান মেধিৰ সৈতে এবছৰৰ পূৰ্বে সুস্মিতা ডেকাৰ সামাজিকভাৱে বিবাহ সম্পন্ন হৈছিল। মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ ডাঁহী অঞ্চলতে শোকৰ ছাঁই বিৰাজ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব!
Leave A Comment