• পক্ষাঘাত : ষ্ট্ৰোকে গতিহীন কৰিলে এইগৰাকী দুৰন্ত তাৰকা ক্ৰিকেটাৰক

    আঞ্চলিক
    পক্ষাঘাত : ষ্ট্ৰোকে গতিহীন কৰিলে এইগৰাকী দুৰন্ত তাৰকা ক্ৰিকেটাৰক

    নতুন দিল্লীঃ চলিত বৰ্ষৰ আগষ্ট মাহৰ আৰম্ভণিৰ পৰা চিকিৎসালয়ত শয্যাশায়ী হৈ আছে নিউজিলেণ্ডৰ কিংবদন্তি অলৰাউণ্ডাৰ ক্ৰিছ কেয়াৰ্নছ। নিউজিলেণ্ডৰ প্ৰাক্তন তাৰকাজনে ষ্ট্ৰোকৰ পাছত পক্ষাঘাতগ্ৰস্ত অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। নিউজিলেণ্ড ক্ৰিকেট কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, ‘আগষ্টৰ আৰম্ভণিতে কেয়াৰ্নছৰ হৃদযন্ত্ৰৰ ধমনীত গুৰুতৰ ৰোগৰ উপস্থিতি ধৰা পৰিছিল। ৫১ বছৰীয়া প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে অষ্ট্ৰেলিয়াৰ কেনবৰাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। কেইবাটাও অস্ত্ৰোপচাৰৰ পাছত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক উন্নত চিকিৎসাৰ বাবে চিডনীলৈ লৈ প্ৰেৰণ কৰা হয়। চিডনী চিকিৎসালয়ত কিছু সময়ৰ বাবে আইচিউত ভৰ্তি কৰোৱা হয় কেয়াৰ্নছক।’






    জানিবলৈ পোৱা মতে, প্ৰাথমিক পৰ্যায়ত চিকিৎসাই কোনো সঁহাৰি দিয়া নাছিল কেয়াৰ্নছক। তাৰ পাছত চিকিৎসকে তেওঁৰ অস্ত্ৰোপচাৰ কৰে। আৰু অপাৰেচন থিয়েটাৰত চিকিৎসাৰত অৱস্থাতে কেয়াৰ্নছৰ ষ্ট্ৰোক হয়। কেয়াৰ্নছৰ পৰিয়ালে সদৰী কৰা মতে অস্ত্ৰোপচাৰৰ পাছতে কেয়াৰ্নছৰ ভৰিদুখনৰ ক্ৰিয়া বন্ধ হৈ পৰে।






    কেয়াৰ্নছৰ চিকিৎসক সকলে তেওঁৰ এই জঠৰতা হ্ৰাস কৰিবলৈ দীঘলীয়া সময়ৰ প্ৰযোজন হ’ব পাৰে বুলি আশংকা কৰিছে।উল্লেখ্য যে, ক্ৰিছ কেয়াৰ্নছে ক্ৰি কেট কেৰিয়াৰত ৬২ খন টেষ্ট আৰু ২১৫ খন এদিনীয়া খেলিছে। ১৯৮৯ চনত আৰম্ভ হোৱা তেওঁৰ ১৫ বছৰীয়া কেৰিয়াৰত তেওঁ ২৯.৪০ গড়ে ২১৮ টা উইকেট দখল কৰিছিল। ডেৰটা দশকৰ এদিনীয়া কেৰিয়াৰত ৩২.৮০কৈ গড়ে ২০১ টা উইকেট দখল কৰিছে।