• পঞ্চায়তত দুৰ্নীতি সহ্য কৰা নহ’ব, মন্ত্ৰী ৰঞ্জিৎ দাসৰ সকীয়নি

    আঞ্চলিক
    পঞ্চায়তত দুৰ্নীতি সহ্য কৰা নহ’ব, মন্ত্ৰী ৰঞ্জিৎ দাসৰ সকীয়নি

    বৰপেটাৰোড : ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে আজি বৰপেটা জিলাৰ সৰভোগৰ চকচকা উন্নয়ন খণ্ড পৰিদৰ্শন কৰি পঞ্চায়তত দুৰ্নীতি সহ্য কৰা নহ’ব বুলি মন্তব্য কৰে৷ ‘পূৰ্বতে বিভাগটো কেনেকৈ চলিছিল সেইটো নাচাওঁ, মই মন্ত্ৰী হোৱাৰ পাছত বিভাগত দূৰ্নীতি নচলিব৷’ এই মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে৷






    আনকি, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিভাগটোৰ বিষয়া, অভিযন্তা, বিডিঅ', সচিবসকলৰ লগতে পঞ্চায়তৰ জনপ্ৰতিনিধিসকলকো দূৰ্নীতিৰ পৰা আঁতৰি থাকিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সকীয়নি দিয়ে ৷ আনকি কংগ্ৰেছ ,বিজেপি, এজিপি বা ইউডিএফ যি দলৰেই প্ৰতিনিধি নহওক কিয় আঁচনিৰ কাম-কাজত যদি অনিয়ম হয় আৰু গাঁৱৰ ৰাইজৰ ধন আত্মসাৎ কৰে তেনে অনিয়মৰ ক্ষেত্ৰত বিষয়াসকলৰ দৰেই একেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনপ্ৰতিনিধিসকলকো তেওঁ সকীয়নি দিয়ে৷






    ইপিনে, সৰভোগৰ চকচকা উন্নয়ন খণ্ডটোৰ আন্তগাঁঠনি উন্নয়নৰ বাবে পৃথকে পৃথকে দুই কোটি টকাৰ দুখনকৈ আঁচনি গ্ৰহণৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছতেই ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ড পৰিদৰ্শন কৰি উন্নয়ন খণ্ডসমূহৰ সমস্যা সমাধান আৰু আন্তঃগাঁঠনিৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ মন্তব্য কৰে ৷