লামডিং : ৰাজ্যত পুনৰ সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ ঘটনা ৷ ১৪ বছৰীয়া কিশোৰে ধৰ্ষণ কৰিলে ১০ বছৰীয়া এগৰাকী কিশোৰীক ৷ লামডিঙৰ পটুপথাৰৰ অঞ্চলত পোহৰলৈ আহিল এই ভয়ংকৰ ঘটনা ৷
জানিব পৰা মতে যোৱা ৪আগষ্টত কিশোৰীগৰাকী খেলি থকাৰ সময়তে সেই অঞ্চলৰে শংকৰ দাস নামৰ এজন কিশোৰটোৱে ফুচলাই জংঘলত নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হয়। ভূক্তভূগী কিশোৰী গৰাকীয়ে ভয়তে ঘৰৰ কোনো লোকৰ অৱগত কৰা নাছিল৷ কিন্তু যোৱা ৭আগষ্টত কিশোৰীগৰাকীৰ মাতৃয়ে কাপোৰত দাগ পৰিলক্ষিত হোৱাত সম্পূৰ্ণ ঘটনা জানিব পৰে।
এই ঘটনা সন্দৰ্ভত লামডিং থানাত উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে গোচৰ ৰুজু কৰে ৷ ইয়াৰ পাছতে লামডিং আৰক্ষীয়ে ১২৮/২১ নম্বৰত ৩৭৬ ipc/4 Posco act ধাৰাত গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত কিশোৰক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷
Leave A Comment