• পথাৰত গৰু চৰাবলৈ গৈ ও সাৰি নগ'ল মহিলা; চোকা অস্ত্ৰ দেখুৱাই বিবস্ত্ৰ কৰি যৌন নিৰ্যাতন; ভাইৰেল ভিডিঅ',

    আঞ্চলিক
    পথাৰত গৰু চৰাবলৈ গৈ ও সাৰি নগ'ল মহিলা; চোকা অস্ত্ৰ দেখুৱাই বিবস্ত্ৰ কৰি যৌন নিৰ্যাতন; ভাইৰেল ভিডিঅ',

    নলবাৰী : আকৌ নিৰ্যাতন! আকৌ মহিলাক চোকা অস্ত্ৰৰে ভয় ভাবুকি দি যৌন নিৰ্যাতন কৰাৰ ঘটনা সংঘটিত হৈছে এইখন অসমতে৷ যিখন অসমত 'কামাখ্যা মা'ৰ দুৱাৰত গৈ সকলোৱে মূৰ দোৱাই৷ যিখন অসমত ভাষা-ধৰ্ম-বৰ্ণ নিবিশেষে কোৱা হয় কনকলতা-জয়মতীৰ কথা৷ সেই সোণৰ অসমত প্ৰতিদিনেই নাৰীৰ ওপৰত সংঘটিত হৈছে নিৰ্যাতন-ধৰ্ষণ-হত্যাৰ ঘটনা৷ কিমান লিখিম? কিমান কম? ডিব্ৰুগড়ত দিন-দূপৰতে নাৰীক নিৰ্যাতন, মঙলদৈত চলন্ত অটো'ত অশ্লীন ইংগিত৷ ইয়াৰ পাছত নলবাৰী জিলাৰ নাহেৰবাৰী গাঁৱৰ এজন যুৱকৰ জঘন্য কাণ্ডই সভ্য সমাজক লজ্জানত কৰিছে৷ অভিযোগ মতে, নাহেৰবাৰী গাঁৱৰ খবিৰ আলীৰ পুত্ৰ মৃদুল আহমেদ নামৰ যুৱকজনে গাঁওখনৰ এগৰাকী মহিলাক বিগত এবছৰে দি আহিছিল অশ্লীল ইংগিত৷













    দুমাহ পূৰ্বেই মহিলাগৰাকীয়ে পথাৰলৈ গৰু আনিবলৈ যাওঁতে যুৱকজনে প্ৰথমে চোকা অস্ত্ৰৰে ভাবুকি দি মহিলাগৰাকীক বিবস্ত্ৰ কৰি যৌন নিৰ্যাতন চলাই৷ লম্পট যুৱকজনে মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱা সমগ্ৰ দৃশ্য মবাইলত বন্দী কৰে৷ মহিলাগৰাকীয়ে এই সমগ্ৰ ঘটনা কোনো ব্যক্তিৰ আগত ব্যক্ত কৰিলে মহিলাগৰাকীৰ স্বামীৰ লগতে সন্তান দুটিক হত্যা কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰে৷ ইয়াৰে দুদিনমান পাছত ধৃত যুৱকজনে মহিলাগৰাকীক চলোৱা যৌন নিৰ্যাতনৰ ভিডিও ভাইৰেল কৰাৰ লগতে মহিলাগৰাকীয়ে মাতৃৰ গৃহলৈ যোৱা অৱস্থাত মহিলাগৰাকীৰ মোবাইল ফোনটো কাঢ়ি লৈ যায়৷ পাছত ভুক্তভোগী মহিলাগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে ঘগ্ৰাপাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷





    Photo Credit : internet




    আৰক্ষীয়ে ধৃত যুৱকজনৰ বিৰুদ্ধে 341/294/509/354/506/391 ধাৰাত গোচৰ ৰুজ কৰিছে যদিও বিগত ১০ চেপ্তেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা ইণ্টাৰিয়াম প্ৰি-এৰেষ্ট বেলৰ অৰ্ডাৰ উলিয়াই ১৫ চেপ্তেম্বৰত ধমধমা আৰক্ষী চকীত জামিন লয়৷ যুৱকজনে জামিন লাভ কৰাৰ পাছত শংকিত হৈ পৰিছে মহিলাগৰাকীৰ লগতে পৰিয়ালটি৷ আইনৰ সুৰঙা লৈ যুৱকজনে যাতে শাস্তিৰ পৰা হাত শাৰি যাব নোৱাৰে তাৰ বাবে ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষী-প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে৷