• পথ দুৰ্ঘটনা : আহত ১৪, সংকতজনক অৱস্থাত ৫ জনক জিএমচিএইচলৈ প্ৰেৰণ

    আঞ্চলিক

    ডিজিটেল ডেস্ক : নলবাৰীৰ মুকালমুৱাৰ ঘোগাত সংঘটিত হয় এক পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা হয় বহুজনৰ৷ উল্লেখ্য যে, হাজো দৌলাশাল গড়কাপ্তানি পথৰ ঘোগাত গুৱাহাটী অভিমুখে গৈ থকা যাত্ৰীবাহি টেম্পো এখনৰ লগত চাইকেল আৰোহীৰে সংঘৰ্ষ হয়৷

    ফলত বাহনখনে নিয়ন্ত্ৰণহীন হৈ দুৰ্ঘটনা সংঘটিত হয় আৰু প্ৰায় ১৪ জন লোক আহত হয়। আহতসকলক আদাবাৰীৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

    ইয়াৰে আবুল হুছেইন,মন্টু কৈৱৰ্ত,আব্দূল ৰহমান, নুৰুল আমিন আৰু আব্বাছ আলীক আঘাত গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী জি এম চি এইচলৈ প্ৰেৰণ কৰে । দুৰ্ঘটনাটোত আহত আটাইকেইজন লোক মুকালমুৱাৰ ওচৰৰ গলদীঘলা গাঁৱৰ বুলি জানিব পৰা গৈছে।

    Weather Forecast