• পথ দুৰ্ঘটনা : একেটা পৰিয়ালৰে কন্যা সন্তানসহ তিনিজনকৈ লোকৰ সংকটজনক অৱস্থা

    আঞ্চলিক
    পথ দুৰ্ঘটনা : একেটা পৰিয়ালৰে কন্যা সন্তানসহ তিনিজনকৈ লোকৰ সংকটজনক অৱস্থা

    গুৱাহাটীঃ কামপুৰৰ গুইমাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত আহত হৈছে পাঁচজনকৈ লোক। গুৰুতৰভাৱে আহত আমচৈৰ একেটা পৰিয়ালৰে কন্যা সন্তানসহ তিনিজনকৈ লোক। আহতসকলক সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাইক দুখনৰ নম্বৰ AS21G-2141, AS02Z-4521।





    আৰু পঢ়িব পাৰিব : শতকবঞ্চিত সুন্দৰ, শলঠেকত ইংলেণ্ড !





    আনহাতে গোৰেশ্বৰৰ মৰমী চ’কতো সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। AS 25 EC 3514 নম্বৰৰ ডিআই গাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। সংকটজনক অৱস্থাত ৮জনকৈ লোকক জিএমচিএইচলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে স্থানীয় লোকৰ অভিযোগ অনুসৰি পুৱতিনিশা ডাম্পাৰে মহটিয়াই নিয়াৰ ফলত দুৰ্ঘটনাটি সংঘটিত হৈছে৷





    আৰু পঢ়িব পাৰিব : কংগ্ৰেছ ত্যাগৰ দিশে জ্যেষ্ঠ নেতা শৰৎ বৰকটকী : প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ সম্ভাৱনা





    ঘটনা সংঘটিত হোৱাৰ পাছত ৰাইজে ৰাজপথত ওলাই আহি দাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্বে প্ৰতিবাদ সাব্যস্ত কৰে৷ পাছত ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰখনে পলায়ন কৰিছে বুলি ৰাইজৰ অভিযোগ।