• পথ দুৰ্ঘটনা : এজনৰ মৃত্যু, গৰ্ভৱতী মহিলাসহ আহত বহুজন

    আঞ্চলিক
    পথ দুৰ্ঘটনা : এজনৰ মৃত্যু, গৰ্ভৱতী মহিলাসহ আহত বহুজন

    গুৱাহাটী : আজি পশ্চিম কাৰ্বি আংলঙৰ জিৰিকীন্দেঙত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত গৰ্ভৱতী মহিলাসহ ২১জন যাত্রী আহত হৈছে ইয়াৰে ৪জন যাত্ৰীৰ অৱস্থা সংকটকজনক বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, মকিন্দুৰৰ নামৰ গাঁৱৰ পৰা জেংখা সাপ্তাহিক বজাৰলৈ বুলি মানুহ লৈ গৈ থকা AS-02AC-6664 নম্বৰৰ টাটা মোবাইল গাড়ীখন দুৰ্ঘটনাত পতিত হৈছে।





    আৰু পঢ়িব পাৰিব : ৪৮ঘণ্টাৰ ভিতৰত প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা!





    আহত যাত্ৰীসকলক খেৰণিৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। গুৰুতৰভাৱে আহত লোককেইজনক পিছত ডিফু মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। আনহাতে ডিব্ৰুগড়ৰ বকপৰাতো পথ দুঘটনাত এজন লোকৰ মৃত্যু হয়৷ ডিব্ৰুগড়ৰ বকপৰা বাইপাছত সংঘটিত হয় পথ দুৰ্ঘটনাটো।





    আৰু পঢ়িব পাৰিব : কংগ্ৰেছৰে মিত্ৰতা : দুই মেৰুত অৱস্থান অখিল-লুৰিণৰ





    As 23L 2232 ford classic গাড়ীখনে As 04E 3426 নম্বৰৰ আন এখন বাহনক মুখামুখিকৈ খুন্দা মৰাত এজন পুৰুষ থিতাতে নিহত হয়। গুৰুতৰভাৱে আহত এগৰাকী মহিলাক সংকটজনক অৱস্থাত এএমচিলৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত আৰক্ষীৰ লোক বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উঠিছে।