আন্তঃৰাষ্ট্ৰীয়
কলগাছিয়াঃ জনীয়া সমষ্টিৰ কলগাছিয়া-কৰাৰকুৰ সংযোগী গড়কাপ্টানী পথ মেৰামতি কৰাৰ ক্ষেত্ৰত ঠিকাদাৰৰ বিৰুদ্ধে বিয়াগোম দুৰ্নীতিৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। পথছোৱা মেৰামতিৰ নামত 2020/21 বৰ্ষৰ S D R F আঁচনিৰ অধীনত ১৭ লাখ টকা চৰকাৰে আবণ্টন দিয়ে যদিও ঠিকাদাৰজনে সামান্য কাম কৰি সিংহভাগ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় জনতাই।
আৰু পঢ়িব পাৰিব: ক’ভিড টেষ্ট নকৰাৰকৈ বিমান বন্দৰৰপৰা পলায়ন ৩৮৫জন যাত্ৰী
আনহাতে পথছোৱা মেৰামতিৰ কাম চলি থকা অৱস্থাত ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ গাফিলাতিৰ বাবেই এজাক বৰষুণ পৰিলেই এআঁঠু পানী জমা হোৱাত দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে নৰক যন্ত্ৰণাত ভুগিবলগা হৈছে। ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অহা যোৱাত বহুত অসুবিধাৰ সম্মুখীন হ'বলগা হৈছে।
আৰু পঢ়িব পাৰিব: আইচিইউ জুই, ১৩জনকৈ চিকিৎসাধীন কৰ’না ৰোগীৰ মৃত্যু
যাৰ বাবে ৰাস্তাৰ দুয়োকাষে নলা নিৰ্মাণ কৰি পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰাৰ বাবে গড়কাপ্টানী বিভাগক দাবী জনোৱাৰ লগতে এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় ৰাইজে।
Leave A Comment