• পথ নে পথাৰ ! ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ

    আঞ্চলিক
    পথ নে পথাৰ ! ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ

    য়গাঁও : পথ নহয়, যেন পুখুৰী-খাল! পথৰ ওপৰতে এক বোকাময় পৰিৱেশ। কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত মিলনপুৰৰ পৰা ভাঠিপাৰা সংযোগী পথৰ চৰম দুৰাৱস্থা। যাতায়াত ক্ষেত্ৰত ৰাইজে বহুদিন ধৰি জ্বলা-কলা দেখিছে।






    পথটোৱেই অঞ্চলটোৰ প্ৰায় আঠখন গাঁৱৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ ভৰসা। প্ৰায় এহেজাৰটা পৰিয়ালৰ লোকে দৈনিক এই পথেৰে অহা-যোৱা কৰে। কিন্তু প্ৰতিবছৰে বাৰিষাৰ সময়ত ৰাইজ সন্মুখীন হ'বলগীয়া হয় পথটোৰ এই সমস্যাৰ। যাৰ ফলত অতিষ্ঠ হৈ আজি পুৱা স্থানীয় পুৰুষ-মহিলাৰ লগতে যুৱক-যুৱতী, শিশুসকলো ৰাজপথলৈ ওলাই আহে।





    প্ৰতিবাদস্বৰূপে ৰাইজে পথৰ ওপৰতে ভূঁই ৰোপন কৰে। ক্ষুব্ধ ৰাইজে এই সময়ছোৱাত বিধায়ক ৰেকিবুদ্দিন আহমেদ গ'-বেক ধ্বনিও দিয়ে।