International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
গুৱাহাটীঃ আজি স্বদেশত আহি উপস্থিত হ’ব লাভলীনা বৰগোহাঁই । নিজ কন্যাক আদৰিবলৈ দিল্লীলৈ উৰা মাৰিছে পিতৃ টিকেন বৰগোহাঁই। ট’কিঅ’ অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি বক্সিং প্ৰতিযোগিত ব্ৰঞ্জৰ পদক লাভ কৰি অসমৰ নাম উজলোৱা তথা অলিম্পিকত অসমৰ প্ৰথমগৰাকী পদক বিজয়ী লাভলীনাক আদৰিবলৈ উৎসুকতাৰে বাট চাই আছে সকলোৱে ।
এই উৎকণ্ঠাৰ অন্ত পেলাই আজি স্বদেশত উপস্থিত হ'ব লাভলীনা বৰগোহাঁই । ট’কিঅ’ৰ পৰা আজি বিমানযোগে আহি দিল্লীত উপস্থিত হ’ব । দিল্লীলৈ নিজ কন্যাক আদৰিবলৈ বৰঝাৰ বিমামবন্দৰৰ পৰা ৰাওনা হৈছে পিতৃ টিকেন বৰগোহাঁইসহ পিতৃৰ বন্ধুবৰ্গ আৰু ওচৰ চুবুৰীয়া। বৰঝাৰ বিমানবন্দৰৰ পৰা ইণ্ডিগ’ বিমানযোগে ১১-১০বজাত দিল্লীলৈ উৰা মাৰিব সকলোৱে ।
দিল্লীলৈ যোৱাৰ আগতে পিতৃ টিকেন বৰগোহাঁইয়ে সদৰী কৰিলে লাভলীনাৰ সময়সূচীৰ সবিশেষ। আজি আবেলি ৫ বজাত দিল্লী পাব লাভলীনা বৰগোহাঁই । আজি আৰু কাইলৈ দিল্লীতে ক্ষন্তেক জিৰণী লোৱাৰ পাছত পৰহীলৈ অসম পাব পাৰে লাভলীনা বৰগোহাঁই । অসমতে ২দিন থকাৰ পাছত প্ৰধানমন্ত্ৰীয়ে নিমন্ত্ৰণ জনোৱা ১৫ আগষ্টৰ কাৰ্যসূচীলৈ বুলি পুনৰ দিল্লীলৈ ৰাওনা হ’ব লাভলীনা বৰগোহাঁই।
Leave A Comment