• পদকৰ আশা সজীৱ কৰি কোৱাৰ্টাৰ ফাইনেলত পি ভি সিদ্ধু

    আঞ্চলিক
    পদকৰ আশা সজীৱ কৰি কোৱাৰ্টাৰ ফাইনেলত পি ভি সিদ্ধু

    ট'কিঅ' : ট'কিঅ' অলিম্পিকত ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৰ জয়৷ আজি পুৱা অনুষ্ঠিত হোৱা গ্ৰুপ জে-ৰ এখন মেচত জয়ী হ’ল বেডমিণ্টন তাৰকা পি ভি সিন্ধু৷ হংকঙৰ প্ৰতিদ্বন্দ্বীক পোনপটীয়া ছেটত হৰুৱাই গ্ৰুপ জে-ত শীৰ্ষস্থান লাভ কৰিছে সিন্ধুৱে৷ এই জয়েৰে কোৱাৰ্টাৰ ফাইনেলতো প্ৰৱেশ কৰিছে সিন্ধুৱে৷






    ভাৰতৰ আৰ্চাৰ তৰুণদ্বীপ ৰায়ে ইউক্ৰেইনৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই প্ৰৱেশ কৰিছে কোৱাৰ্টাৰ ফাইনেলত৷ তদুপৰি আজি ব্যক্তিগত শাখাত ভূটানৰ প্ৰতিদ্বন্দ্বীৰ মুখামুখি হ’ব দীপিকা কুমাৰী৷ ইপিনে, ৰাছিয়াৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে যুঁজিব আৰ্চাৰ প্ৰৱীণ যাদবে৷





    অৱশ্যে, অলিম্পিকৰ মহিলা হকীত পৰাজয়ৰ সন্মুখীন হ'ল ভাৰত৷ ইংলেণ্ডৰ বিৰুদ্ধে ১-৪ গ’লত পৰাস্ত হয় ভাৰত৷ ভাৰতৰ হৈ অলিম্পিকত একমাত্ৰ গ’লটো দিলে শৰ্মিলা দেৱীয়ে৷