• পদক বঞ্চিত কিন্তু অলিম্পিকত লক্ষজনৰ অন্তৰ জয় অদিতি অশোকৰ

    আঞ্চলিক
    পদক বঞ্চিত কিন্তু অলিম্পিকত লক্ষজনৰ অন্তৰ জয় অদিতি অশোকৰ

    টকিঅ' : পদক বঞ্চিত হ’লেও লক্ষজনৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ’ল ভাৰতীয় গ’ল্ফ খেলুৱৈ অদিতি অশোকে। টকিঅ’ অলিম্পিকত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা খেলুৱৈগৰাকীয়ে সামান্য ব্যৱধানৰ বাবে বঞ্চিত হ’ল পদক জয়ৰ পৰা। অলিম্পিকৰ গ’ল্ফ প্ৰতিযোগিতাত পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হোৱাৰ সম্ভাৱনা সৃষ্টি কৰি শেষ মুহূৰ্তত থমকি ৰ’বলগীয়া হ’ল অদিতি অশোক।





    ২৩ বছৰীয়া অদিতিয়ে টকিঅ'ত চতুৰ্থ স্থানত থমকি ৰ’ল যদিও তেওঁৰ এই যাত্ৰা চমৎকাৰ বুলি অভিহিত কৰিছে ক্ৰীড়া বিশ্বই। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সোণৰ পদক বিজয়ী নেলী কোৰ্ডাৰ পৰা মাত্ৰ দুটা শ্বট আৰু ৰূপ জয় কৰা জাপানৰ মোনে ইনামি তথা ব্ৰঞ্জ জয় কৰা নিউজিলেণ্ডৰ লিডিয়া কোৰ পৰা মাত্ৰ এটা শ্বট পিছপৰি ৰোৱাত তেওঁ চতুৰ্থ স্থানতে থমকি ৰয়।





    মহিলাৰ গল্ফত বিশ্বৰ ২০০নম্বৰ ৰেংকিঙৰ অদিতি অশোক টকিঅ'ত পদকৰ জয়ৰ সম্ভাব্য তালিকাতো নাছিল। কিন্তু তেওঁ প্ৰতিযোগিতাখনত বিশ্বৰ আগশাৰীৰ তাৰকাসকলৰ সৈতে চাৰিওটা দিনতে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। অদিতি অশোকে টকিঅ'ত পদক জিকিব নোৱাৰিলেও তেওঁ নিশ্চিতভাৱে তেওঁৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে সমগ্ৰ বিশ্বৰ হৃদয় জয় কৰিবলৈ সক্ষম হ’ল।