• পদপথৰ কুকুৰক লৈয়ো ব্যৱসায় ! ৰাজ্যত আটক তিনি কুকুৰ সৰবৰাহকাৰী

    আঞ্চলিক
    পদপথৰ কুকুৰক লৈয়ো ব্যৱসায় ! ৰাজ্যত আটক তিনি কুকুৰ সৰবৰাহকাৰী

    জাগীৰোড : অসমত বিভিন্ন চোৰাং কাঠ, কয়লা, চাউল আদি সৰবৰাহৰ বাতৰি সচৰাচৰ শুনি আহিছে৷ কিন্তু এইবাৰ ভতুৱা কুকুৰ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে ৰাজ্যত৷ অসমৰ পৰা ডিমাপুৰলৈ ভতুৱা কুকুৰ সৰবৰাহ কৰাৰ সময়তে স্থানীয় লোকে আটক কৰি আৰক্ষীক গতাই দিয়ে৷ জানিব পৰা মতে প্ৰতিটো সৰবৰাহ কৰা প্ৰতিটো কুকুৰৰ দাম প্ৰায় ১,৫০০ ৰ পৰা ২,০০০ টকা পৰ্যন্ত ৷





    কুকুৰ ধৰিবলৈ আহি জাগীৰোডৰ কুইয়াদলত ৰাইজৰ হাতত ধৰা পৰিল তিনি কুকুৰ সৰবৰাহকাৰী ৷ হাতত বস্তা আৰু মোনা লৈ নিশাৰ আন্ধাৰত অঞ্চলটোত অনাই বনাই ঘুৰি ফুৰিছিল তিনিজন লোক ৷ অচিনাকি লোককেইজনৰ ওপৰত সন্দেহ উপজাত সোধপোছ কৰে স্থানীয় লোকে ৷ তিনিওজনৰে কথাত অমিল পোৱাত স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক ৷





    ডিমাপুৰত বসবাস কৰা এই তিনিওজন লোক অসমৰ ৷ অসমৰ গাঁৱে-ভূৱে বিভিন্ন প্ৰান্তৰ পৰা ভতুৱা কুকুৰ ধৰি বস্তাত ভৰাই সৰবৰাহ কৰে ডিমাপুৰলৈ ৷ প্ৰতিটো কুকুৰৰ বাবদ লাভ কৰে ১,৫০০ ৰ পৰা ২০০০ টকা পৰ্যন্ত ৷ ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ তিনি সৰবৰাহকাৰীক আটক কৰে ৷