• পদ্মশ্ৰী বিৰুবালা ৰাভাৰ অসুস্থতাৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে

    আঞ্চলিক
    পদ্মশ্ৰী বিৰুবালা ৰাভাৰ অসুস্থতাৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে

    গোৱালপাৰা: পদ্মশ্ৰী বিৰুবালা ৰাভাৰ অসুস্থতাৰ খবৰ ল'লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি দিনৰ ১১ বজাত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় পদ্মশ্ৰী বিৰুবালা ৰাভাৰ ঠাকুৰবিল্লা গাঁৱৰ বাসভৱনত। বিৰুবালা ৰাভাৰ শাৰীৰিক অসুস্থতাৰ খবৰ লোৱাৰ পাছতে এক সংবাদমেলত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।





    কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দি তথা অন্ধবিশ্বাসৰ বলি হোৱা লোকক নতুন জীৱন দি পদ্মশ্ৰী লাভ কৰে বিৰুবালা ৰাভাই। বিৰুবালা ৰাভাৰ শাৰীৰিক অসুস্থতাৰ বুজ লৈ নগদ এক লাখ টকাৰ সাহায্য আগবঢ়ালে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। লগতে বিৰুবালা ৰাভাৰ চিকিৎসাৰ সমষ্ট খৰচ চৰকাৰে গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।





    অন্ধ-বিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ দি জিলিকি উঠে বিৰুবালা ৰাভা। বিশেষকৈ, ডাইনীৰ অন্ধ-বিশ্বাসৰ বিৰুদ্ধে ১৯৮৫ চনৰ পৰাই যুঁজ আহিছে বিৰুবালা ৰাভাই। ৰাজ্যখনৰ ৫০জনতকৈ অধিক অন্ধ-বিশ্বাসৰ বলি হোৱা মহিলাক উদ্ধাৰ কৰি আজিও অব্যাহত ৰাখিছে 'মিছন বিৰুবালা ৰাভা' অভিযান।





    সমাজত প্ৰচলিত হৈ থকা অন্ধ-বিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁক ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিভিন্ন সংস্থাই আগবঢ়াইছে বঁটা। সাধাৰণ পঁজাৰপৰা এই যুঁজ দিয়াৰ বাবে বিভিন্ন সন্মানেৰে বিভূষিত বঁটা বৰ্তমান সংৰক্ষণ কৰিবলৈ ঠাইৰ অভাৱ মহিলাগৰাকীৰ বাসগৃহত!