• পলাশবাৰী পৰা লাডাখলৈ : পদব্ৰজে সম্পূৰ্ণ কৰিব ২৭০০ কিলোমিটাৰ পথ

    আঞ্চলিক
    পলাশবাৰী পৰা লাডাখলৈ : পদব্ৰজে সম্পূৰ্ণ কৰিব ২৭০০ কিলোমিটাৰ পথ

    বকো : এগৰাকী মহিলাৰ অসাধাৰণ যাত্ৰা৷ পলাশবাৰী পৰা লাডাখলৈ ২৭০০ কিলোমিটাৰ পথ তিনি মাহত খোজকাঢ়ি সম্পূৰ্ণ কৰাৰ লক্ষ্য মহিলাগৰাকীৰ৷ মহিলাগৰাকৰ হৈছে দক্ষিণ কামৰূপৰ বাসিন্দা অঞ্জলি দাস৷ তেওঁ প্ৰথম দিনা দক্ষিণ কামৰূপৰ পলাশবাৰীৰ পৰা লাডাখ অভিমুখে খোজকাঢ়ি ৪০ কিলোমিটাৰ পথ অতিক্ৰম কৰে ৷





    শুকুৰবাৰে সন্ধিয়া বকোত আহি উপষ্টিত হয় অঞ্জলি দাস ৷ নিশাটো বকোৰ চৰকাৰী বঙলাত থাকি পুৱা ৪ বজাত পুনৰ যাত্ৰা আৰম্ভ কৰে তেওঁ ৷ আজি প্ৰায় ৫০ কিলোমিটাৰ পথ খোজ কাঢ়ি দুধনৈত উপষ্টিত হোৱাৰ কথা দুঃসাহসিক মহিলাগৰাকীৰ ৷





    তাত নিশা পাৰ কৰি পুনৰ যাত্ৰা আৰম্ভ কৰিব বুলি জনায় তেওঁ৷ পলাশবাৰী পৰা লাডাখলৈ ২৭০০ কিলোমিটাৰ তিনি মাহত সম্পূৰ্ণ কৰাৰ কথা তেওঁৰ৷ এই যাত্ৰাত সফল হোৱাৰ কামনাৰে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা লগতে বহু ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ তেওঁলৈ জনায় অলেখ অযুত শুভেচ্ছা আৰু শুভকামনা।