• পলায়নৰ অপচেষ্টা : আৰক্ষীৰ গুলীত আহত হত্যাকাৰী ৰিণ্টু শৰ্মা

    আঞ্চলিক
    পলায়নৰ অপচেষ্টা : আৰক্ষীৰ গুলীত আহত হত্যাকাৰী ৰিণ্টু শৰ্মা

    গুৱাহাটী : নিশংস হত্যাকাণ্ডৰ বলি হোৱা নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মা আৰক্ষীৰ গুলীত আহত হয়। শনিবাৰে ধেমাজি আৰক্ষীৰ পৰা মাৰণাস্ত্ৰ কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীয়ায় অপৰাধী ৰিণ্টু শৰ্মাক। এই সন্দৰ্ভত শনিবাৰে নিশা ৰাজ্যৰ আইন-শৃংখলাৰ এডিজিপি জি পি সিঙে টুইটযোগে প্ৰকাশ কৰে যে, মাৰণাস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰা ৰিণ্টু শৰ্মাক আত্মৰক্ষাৰ স্বাৰ্থত গুলীয়াবলৈ বাধ্য হয় আৰক্ষী।

    ঘটনাৰ বিৱৰণী অনুসৰি, ধেমাজিৰ মৰিধঢল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাই শনিবাৰে নিশা স্বাস্থ্য পৰীক্ষাৰ উদ্দেশ্যে আৰক্ষীয়ে ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ সময়তে পলায়নৰ চেষ্টা কৰে৷ পলায়নৰ চেষ্টা কৰাৰ বাবে হত্যাকাৰী ৰিণ্টুক ধেমাজি থানাৰ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়৷ ভৰিত গুলী লগা ৰিণ্টু শৰ্মা ধেমাজি অসামৰিক চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে৷

    উল্লেখ্য যে, ২১ আগষ্টত ধেমাজিৰ মাজ-মজিয়াত দাৰে ঘপিয়াইছিল ৰিণ্টু শৰ্মাই৷ নন্দিতাৰ লগতে তেওঁৰ সহপাঠী কস্মিতা দত্ত আৰু কস্মিতাৰ পিতৃ দেৱ দত্তক ধেমাজি চহৰৰ মাজমজিয়াত আক্ৰমণ কৰিছিল মহাবিদ্যালয়খনৰে লাইব্ৰেৰীৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী শৰ্মাই। এই ঘটনাৰ কেইদিনমান পাছতে মৃত্যুমুখত পৰে প্ৰতিভাৱান ছাত্ৰী নন্দিতা শইকীয়া।