• পশুধন সুৰক্ষা বিধেয়কৰ সন্দৰ্ভত আব্দুল খালেকৰ সংবাদমেল সম্বোধন

    আঞ্চলিক
    পশুধন সুৰক্ষা বিধেয়কৰ সন্দৰ্ভত আব্দুল খালেকৰ সংবাদমেল সম্বোধন

    গুৱাহাটীঃ পশুধন সুৰক্ষা বিধেয়কক লৈ সংবাদমেল সম্বোধন কৰিছে সাংসদ আব্দুল খালেকে। ‘বাজেট অধিৱেশনৰ প্ৰথমদিনা বিধেয়কখন উত্থাপন নকৰাকৈ থাকিব পাৰিলেহেঁতেন’- বুলি সংবাদমেল ক্ষোভ প্ৰকাশ কৰে সাংসদগৰাকীয়ে। বিধেয়কখনত পশু বিক্ৰী আৰু পশু পৰিবহণৰ কথা উল্লেখ থকাৰ লগতে এই পৰিবহণ ব্যৱস্থাৰ জৰিয়তে ভৱিষ্যতে বৃহৎ ছিণ্ডিকেট গঢ়াৰ সম্ভাৱনা আছে বুলিও সংবাদমেলত উল্লেখ কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীৰ প্ৰসংগতো তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে অস্বীকাৰ কৰিব নোৱাৰে চোৰাং বেহা চলি থকাৰ কথাটো। ইয়াৰ বাবে দায়ী ভাৰত-বাংলাদেশ সীমান্ত নিৰ্মাণৰ ব্যৱস্থাটো।

    কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে তেওঁ। এই বিধেয়কে নতুন চিণ্ডিকেটৰ সূচনা কৰিব বুলিও তেওঁ মন্তব্য আগবঢ়ায়। আৰএছএছ, বিজেপি এজেণ্ডা অনুসৰি গো-হত্যা বন্ধ কৰিব লাগে! কিন্তু বিধেয়কত এয়া নাই কিন্তু মাছ নহয় জিজি বুলি ব্যৱস্থা লৈছে। যেনেকৈ ধৰ্মীয় স্থানৰ অন্তৰ্গত ৫ বৰ্গকিলোমিটাৰ এলেকাত বিক্ৰী নহ’ব। ধৰ্মীয় স্থানৰ পৰা ১ বৰ্গ কিলোমিটাৰ কৰিলে কোনো আপত্তি নাই। বিপৰীতে ৫ বৰ্গ কিলোমিটাৰ হ’লে অৰ্থনীতিৰ পৰা সকলো ক্ষেত্ৰত সমস্যা আহিব বুলিও সাংসদগৰাকীয়ে সংবাদমেলত সদৰী কৰে। ৰাজ্যত মদ নিষিদ্ধৰ বাবে বিল আনিলে তেওঁৰ আপত্তি নাই বুলিও সংবাদমেলত মন্তব্য প্ৰকাশ কৰে। মদ নিষিদ্ধ কৰাৰ বিপৰীতে হিমন্ত বিশ্বৰ চৰকাৰে মদ হোম ডেলিভাৰী দিয়াৰ কথাহে চিন্তা কৰিলে। ভগৱান অৱতাৰ মস্য বা আন অৱতাৰ আছে। এইক্ষেত্ৰত বাকীবোৰ নিষিদ্ধ কৰিলেনে? ইছলামিক ধৰ্মীয় অনুষ্ঠানৰ ওচৰত তেন্তে গাহৰি বিক্ৰী বন্ধ কৰাৰ প্ৰযোজনীয়তা আছে বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে। সংবিধানৰ মৌলিক অধিকাৰ সন্মান কৰিব লাগে। বিলখনে খাদ্যৰ অধিকাৰ খৰ্ব কৰিছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। বিলত আছে ১৪ বছৰৰ তলৰ গো-হত্যা কৰিব নোৱাৰিব। কিন্তু গৰু জন্ম ৰক্ষাৰ ক্ষেত্ৰত পশুপালন বিভাগে জন্ম পঞ্জীয়ন কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই বিধেয়কত বহু সৰুঙা আছে বুলিও সংবাদমেলত উল্লেখ কৰে।