• পাচিঘাটত চিয়াং নদী মহোৎসৱৰ প্ৰস্তুতি, উপস্থিত থাকিব মুখ্যমন্ত্ৰী পেমা খাণ্ডু

    আঞ্চলিক
    পাচিঘাটত চিয়াং নদী মহোৎসৱৰ প্ৰস্তুতি,  উপস্থিত থাকিব মুখ্যমন্ত্ৰী পেমা খাণ্ডু

    ডিজিটেল ডেস্কঃ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পাছতে সমগ্ৰ দেশতে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা হৈছে। স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে অৰুণাচল প্ৰদেশৰ পূব-চিয়াং জিলাত ২০ আৰু ২১ ডিচেম্বৰত ‘চিয়াং নদী উৎসৱ’ৰ আয়োজন কৰা হৈছে। ২০ আৰু ২১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ‘চিয়াং নদী মহোৎসৱ’ পাচিঘাটৰ ওচৰৰ ৰাণেঘাটৰ পাৰত উদযাপন কৰা হ’ব, এই মহোৎসৱৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।





    ২০ ডিচেম্বৰত চিয়াং নদী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপ-মুখ্যমন্ত্ৰী চৌনা মেইন, ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ আৰু জলশক্তি মন্ত্ৰালয়ৰ ৰাজীৱ যাদৱকে ধৰি কেইবাজনো মন্ত্ৰী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। দুপৰীয়া ২ বজাত আৰম্ভ হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত সাংস্কৃতিক কেন্দ্ৰ (এনইজেডচিচি)ৰ দ্বাৰা উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ লোক-শিল্পীসকলৰ সাংস্কৃতিক প্ৰদৰ্শন আৰু বিভিন্ন স্ব-সহায়ক গোটৰ প্ৰদৰ্শনী, খাদ্য-বিপণী, পৰ্যটন, আসক্তিমুক্ত, পুষ্টি অভিযান, হস্ততাঁত আৰু হস্তশিল্পৰ ওপৰত প্ৰদৰ্শনী, বেংক, স্বাস্থ্য, কৃষি-উদ্যানশস্যৰ দ্বাৰা বিত্তীয় সাক্ষৰতা, অন্তৰ্ভুক্ত থাকিব।





    জলসম্পদ আৰু বিভিন্ন ষ্টল স্থাপন কৰা হ’ব। নদী পৰিষ্কাৰ কৰা, পুনৰুজ্জীৱিত কৰা, বৰষুণৰ পানী সংগ্ৰহ, স্বাধীনতা সংগ্ৰামীসকলৰ ওপৰত কাহিনী কোৱা, পানী সংৰক্ষণৰ ওপৰত চিত্ৰাংকণ প্ৰতিযোগিতা, স্থানীয় জলাশয়সমূহত শ্ৰমদানৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে ১৭ ডিচেম্বৰৰ পৰা বিভিন্ন কাৰ্যসূচী আৰু কাৰ্য-কলাপ আৰম্ভ কৰা হ’ব। জল জীৱন মিছন, স্বচ্ছ ভাৰত মিছনৰ দ্বাৰা সামাজিক সজাগতা বৃদ্ধি কৰা হৈছে।