• পাঠদান আৰম্ভ হৈছিলহে ! তেজপুৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলত ক'ভিডৰ দ্ৰুত সংক্ৰমণ

    আঞ্চলিক
    পাঠদান আৰম্ভ হৈছিলহে ! তেজপুৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলত ক'ভিডৰ দ্ৰুত সংক্ৰমণ

    তেজপুৰ : ৰাজ্যৰ ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ সময়তে তেজপুৰত পুনৰ মূৰ দাঙি উঠিছে মহামাৰী কৰ'নাই। তেজপুৰ বিশ্ববিদ্যালয়ৰ সাতগৰাকী ছাত্ৰৰ দেহত পোৱা গৈছে কভিড-১৯ৰ উপস্থিতি। এছঅপি শিথিলৰ পাছত খোলা হৈছিল বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ লগতে হোষ্টেলসমূহ। এছঅ'পি অনুসৰি পাঠদান কৰা আৰু হোষ্টেলৰ আৱাসীয়ে দুয়োপালি ভেকচিন লোৱাটো বাধ্যতামূলক আছিল৷





    উল্লেখ্য যে ক'ভিড প্ৰতিষেধক দুয়োটা টিকা গ্ৰহণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ হোষ্টেললৈ অহা ছাত্ৰ সাত দিনৰ কোৱাৰেন্টাইনত থকাৰ সময়ত অসুস্থ হৈ পৰা কেইগৰাকীমান ছাত্ৰৰ যোৱা ২৬ছেপ্টেম্বৰত ডেকাৰগাওঁ ক'ভিড কেয়াৰ চেন্টাৰত ক'ভিড পৰীক্ষা কৰাত তিনি গৰাকীৰ শৰীৰত সংক্ৰমন নিশ্চিত হয়৷





    ইয়াৰ পাছতে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে সোমবাৰে এন এম হোষ্টেলৰ ১৫০গৰাকীৰ ক'ভিড পৰীক্ষা কৰাত পুনৰ চাৰি গৰাকীৰ শৰীৰত ক'ভিডৰ সংক্ৰমন নিশ্চিত হয়। ইতিমধ্যে জিলা স্বাস্থ্য বিভাগে ক'ভিডত আক্ৰান্ত ছাত্ৰকেইগৰাকীক ক'ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰিছে।