North East
গুৱাহাটীঃ পাণবজাৰত নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক মাল্টিলেভেল কাৰ পাৰ্কিং মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাৰ পাৰ্কিংটো। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে ১০.৫৪ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিয়াইছে এই পাৰ্কিং। এই পাৰ্কিঙত একেলগে ২৫০খন চাৰিচকীয়া বাহন ৰাখিব পৰা যাব। পাণবজাৰ, ফাঁচী বজাৰ, কাছাৰী, মাছখোৱা আদি সদাব্যস্ত পথত যান-জঁটৰ সমস্যা দূৰ কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে এই মাল্টি লেভেল পাৰ্কিং।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে, ২০১১ চনত ড'নাৰ মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যৰে এই পাৰ্কিং বনোৱাৰ ব্যৱস্থা কৰা হৈছিল। জু ৰোডতটো এনে এটা মাল্টিলেভেল পাৰ্কিং নিৰ্মাণ কৰা হৈছে। কিন্তু একাংশ মানুহৰ মনোবৃত্তিৰ বাবে পাৰ্কিং ব্যৱহাৰ নকৰি ৰাজপথতে গাড়ীসমূহ ৰাখে। পাৰ্কিং থকাৰ পাছতো ৰাজপথৰ দাঁতিত গাড়ীসমূহ পাৰ্কিং কৰাৰ বাবে এনে আঁচনি ৰূপায়ণ কৰিবলৈ মন নাযায় বুলিও মখ্যমন্ত্ৰীগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে। তথাপি জিএমচি আৰু যান-বাহন আৰক্ষীৰ সহযোগত এই পাৰ্কিং কেইটা স্বয়ংক্ৰিয় কৰিব লাগিব বুলিও তেওঁ কয়। জাৱৰ নিষ্কাষণৰ ক্ষেত্ৰত অসম যে বহু পিছ পৰি আছে সেই কথাও ব্যক্ত কৰে। কৃত্ৰিম বানপানী, খোৱাপানীৰ সমস্যা গুৱাহাটীত চলি আছে বুলিও শৰ্মাই উল্লেখ কৰে।
গুৱাহাটীৰ ৰাস্তা-ঘাটৰ বহু উন্নতি হৈছে বাবে কৃত্ৰিম বানৰ সমস্যা কিছু হ্ৰাস পাইছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে। পূৰ্বতে গুৱাহাটীৰ আটাইকেইটা ৱাৰ্ডতে কৃত্ৰিম বানপানী হৈছিল, কিন্তু বৰ্তমান নলা-নৰ্দমা নিৰ্মাণ কৰাৰ বাবে বানপানী হ’লেও শীঘ্ৰে পানী শুকাই বুলিও উল্লেখ কৰে। চানমাৰিৰ পৰা গুৱাহাটী ক্লাবলৈ এলিভেটেড ৰোড হ’ব বুলিও মন্তব্য আগবঢ়ায়। ডিচেম্বৰৰ পৰা ইয়াৰ কাম আৰম্ভ হ’ব বুলিও উল্লেখ কৰে। এই বছৰৰ শেষৰফালে অথবা আগন্তুক বৰ্ষৰ প্ৰথমভাগতে ‘এইমছ’ মুকলি কৰা হ’ব বুলিও ভাষণ প্ৰসংগতে সদৰী কৰে। গুৱাহাটীৰ উপকণ্ঠ এলেকাক ৰিং ৰোডৰে সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে।
আনহাতে, উক্ত অনুষ্ঠানত উপস্থিত খাকে মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘল। ভাষণ প্ৰসংগত সিংঘলে কয় যে, চাফাই কৰ্মী আৰু কৰ্মচাৰীসকলৰ বাবে হেলথ কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। শীঘ্ৰে এই কৰ্মচাৰীসকলক স্বাস্থ্যসেৱাৰ অধীনলৈ অনা হ’ব বুলিও উল্লেখ কৰে। গুৱাহাটী পৌৰ নিগমৰ ৬টা ডিভিজনত ৬টা জাবৰ ষ্টেচন নিৰ্মাণ কৰা হ’ব। ২মাহৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। স্থায়ী ডাম্পিং গ্ৰাউণ্ডৰ উপযুক্ত মাটি বিচাৰি থকা হৈছে। উপযুক্ত মাটি পালেই ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হ’ব বুলিও ভাষণ প্ৰসংগতে উল্লেখ কৰে। ডাম্পিং গ্ৰাউণ্ড নোহোৱালৈকে ৬টা ষ্টেচনৰ জৰিয়তে গুৱাহাটীৰ যাবৰ নিষ্কাষণৰ কাম চলি থাকিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত মন্তব্য আগবঢ়ায়।
Leave A Comment