• পান কাৰ্ডৰ বাবেই আত্মহত্যা অধিবক্তাৰ পত্নীৰ

    আঞ্চলিক
    পান কাৰ্ডৰ বাবেই আত্মহত্যা অধিবক্তাৰ পত্নীৰ

    মৰিগাঁও : মৰিগাঁৱত সংঘটিত হৈছে নাভূত নাশ্ৰুত ঘটনা ৷ পান কাৰ্ডৰ বাবেই আত্মহত্যাৰ পথ বাছি ললে এগৰাকী মহিলাই ৷ মৰিগাঁও আদালতৰ এগৰাকী অধিবক্তাৰ পত্নীয়ে বাচি ল'লে এই পথ৷ জানিব পৰা মতে প্ৰথমবাৰ নাম ভূলকৈ অহাৰ বাবে পুনৰ আন এখন পান কাৰ্ড উলিয়াইছিল মহিলাগৰাকীয়ে৷ যাৰ বাবে মানসিকভাৱে বিভিন্নজনে ব্যতিগ্ৰস্ত কৰি তুলিছিল মহিলাগৰাকীক৷





    বহুসময়ত বিভিন্নজনে মহিলাগৰাকীয়ে দুখন পানকাৰ্ড থকাৰ কথা কৈ জে'ললৈ যাব লগা হ’ব পাৰে বুলি ভয় খোৱাৰ কথা জনাইছিল৷ দুই পুত্ৰৰ লগতে অধিবক্তা স্বামীয়েও এইয়া কোনো সমস্যা নহয় বৰং শুদ্ধৰণিহে বুলি বাৰম্বাৰ বুজনি দিছিল যদিও আত্মহত্যাৰ পথ বাছি লয় মহিলাগৰাকীয়ে৷





    মঙলবাৰে পুৱা ঘৰতে এই ভয়ানক পথ বাচি ললে বুলি এক আত্মহত্যাৰ টোকাত উল্লেখ কৰি গৈছে ৷