জীৱন শৈলী
গোৱালপাৰা : গোৱালপাৰাত দুটা পৰিয়ালৰ মাজৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। এই সংঘাতে ইমানেই গুৰুতৰ ৰূপ ধাৰণ কৰে যে, ইয়াক কেন্দ্ৰ কৰি গুলী চালনাৰ ঘটনা সংঘটিত হয়।
আৰু পঢ়িব পাৰিব : গালোৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘাতত ৫ শ্বহীদলৈ সন্মান…
মাধুৰ্য ৰায় নামৰ লোকজনে একাংশ লোকক উদ্দেশ্যি গুলীচালনা কৰে। দুই নলীয়া বন্দুকৰ গুলীত আহত হ'ল ছয়জনকৈ লোক। আহত লোককেইজন হৈছে ক্ৰমে, ৰণজিৎ দাস, স্বপন দাস, দীপাংকৰ দাস, বিংকু দাস, মফিদুল শ্বেখ আৰু মাইনা দাস।
আৰু পঢ়িব পাৰিব : কৃষি আইন স্থগিত কৰক, নহ’লে আমি স্থগিতৰ নিৰ্দেশ দিম : ন্যায়ালয়
আহতসকলক ততাতৈয়াকৈ গোৱালপাৰাৰ চ'লেছ নাৰ্ছিংহোমত ভৰ্তি কৰোঁৱা হয় আৰু আটাইকেইজন বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে। মাধুৰ্য ৰায়ে গুলীচালনা কৰা ঘটনাৰ পূৰ্বে চহৰখনৰ বেলতলাৰ দেৱনাথ নাথৰ বাসগৃহলৈ গৈ ঘৰৰ সামগ্ৰীসমূহো লণ্ডভণ্ড কৰে।
Leave A Comment