• পাৰ্টনাৰশ্বিপ শেষ : পত্নীৰে ইনিংছ দীঘলীয়া নহ’ল শিখৰৰ

    আঞ্চলিক
    পাৰ্টনাৰশ্বিপ শেষ : পত্নীৰে ইনিংছ দীঘলীয়া নহ’ল শিখৰৰ

    ডিজিটেল ডেস্ক : ক্ৰিজত দীঘলীয়া ইংনিছ খেলাৰ বাবেই তেওঁ জনাজাত। ভাৰতীয় ক্ৰিকেট দলৰ ‘গব্বৰ’ৰ পৰাক্ৰমে প্ৰতিপক্ষক প্ৰায়েই ব্যতিব্যস্ত কৰি আহিছে। এবাৰ ক্ৰিজত খোপনি পোতাৰ পাছত তেওঁক পেভলিয়নৰ বাট দেখুওৱাটো প্ৰতিপক্ষৰ বলাৰৰ বাবে হৈ পৰে প্ৰত্যাহ্বান। পিছে এইবাৰ তেনে নহ’ল। পাৰিবাৰিক জীৱনত তেওঁৰ ইনিংছ দীঘলীয়া নহ’ল। পত্নী আয়েশাই শিখৰ ধৱনক দেখুৱালে পেভলিয়নৰ বাট।





    দাম্পত্যজীৱনৰ ক্ৰিজত ৮টা বসন্ত পাৰ কৰিয়েই শিখৰ-আয়েশাই শেষ কৰিলে পাৰ্টনাৰশ্বিপ। ভাৰতীয় ক্রিকেট দলৰ মহাতাৰকা শিখৰ ধৱনৰ বিবাহ বিচ্ছদৰ খবৰে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে। তেওঁৰ পত্নী আয়েশা মুখোপাধ্যায়ে নিজেই ছ’চিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰিছে। খেলুৱৈগৰাকীৰ পত্নীয়ে ইনষ্টাগ্রামত দীঘলীয়া পোষ্ট লিখি একাউণ্টত বিবাহ বিচ্ছেদৰ বিষয়ে সদৰী কৰিছে। পোষ্টটোত তেওঁ লিখিছে যে, তেওঁৰ জীৱনত এইবাৰৰ সৈতে দুবাৰ বিবাহ বিচ্ছেদ ঘটিছে!





    ২০০৯ চনৰ শিখৰ আৰু আয়েশাৰ বাগদান হৈছিল। বাগদানৰ ৩ বছৰৰ পাছত তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল। ইয়াৰ পূর্বেই আয়েশাৰ প্রথম স্বামীৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছিল বুলিও তেওঁ পোষ্টটোত উল্লেখ কৰিছে।
    আইপিএল-২০২১ টুর্নামেণ্টৰ দ্বিতীয়ভাগ খেল আৰম্ভ হ’বলৈ মাজত মাত্ৰ কিছুদিন বাকী! তাৰ মাজতে পাৰিবাৰিক জীৱনৰ ইনিংছ সামৰিলে শিখৰ-আয়েশাই। দুয়োৰে আঠ বছৰীয়া বৈবাহিক সম্পৰ্কৰ অন্ত পৰাৰ পাছত তেওঁলোকৰ আঠবছৰীয়া সম্পৰ্কৰ চিন পুত্র কাৰ সৈতে থাকিব সেয়া সময়তহে নিৰ্ধাৰণ হ’ব!