• পিঠিৰ বিষত ঠিয় হ’ব পৰা নাছিল অশ্বিন, তাৰ পাছতো ৩ ঘণ্টা বেটিং...

    আঞ্চলিক
    পিঠিৰ বিষত ঠিয় হ’ব পৰা নাছিল অশ্বিন, তাৰ পাছতো ৩ ঘণ্টা বেটিং...

    ছীডনী : ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট ছিৰিজৰ তৃতীয়খন খেলত ভাৰতে চমকপ্ৰদ প্ৰত্যাৱৰ্তনেৰে খেল ড্ৰ' কৰিবলৈ সক্ষম হয়। এটা সময়ত জয়ৰ সম্ভাৱনাও আলহী দলটোৱে দেখুৱাবলৈ সক্ষম হৈছিল যদিও অধিক ৰিস্ক নলৈ সাৱধানী পদক্ষেপেৰে খেল ড্ৰ' কৰি শৃংখলাত সমতা অব্যাহত ৰাখিলে। ভাৰতৰ এই প্ৰদৰ্শনত বিশেষ ভূমিকা গ্ৰহণ কৰিলে ৰবিচন্দ্ৰন অশ্বিন আৰু হনুমা বিহাৰীয়ে। দুয়ো দীৰ্ঘসময় ক্ৰিজত টিকি থাকি ভাৰতৰ পৰাজয় ৰোধ কৰিবলৈ সক্ষম হয়।





    আৰু পঢ়িব পাৰিব : পথ-গাড়ীবিহীন চহৰ নিৰ্মাণৰ পৰিকল্পনা ছৌদি ৰাজকুমাৰৰ





    অষ্ট্ৰেলিয়াৰ বেগী বলাৰৰ দ্ৰুতবেগী বাউন্সাৰ, সুতীব্ৰ ছুইঙৰ আক্ৰমণৰ সন্মুখত দৃঢ়তাৰে তিনি ঘণ্টাৰো অধিক সময় থিয় হৈ থাকে দুই ভাৰতীয় তাৰকা। অশ্বিনৰ এনে প্ৰদৰ্শনৰ পাছত তেওঁক লৈ এটা বিশেষ টুইট কৰিছে অশ্বিনৰ পত্নী পৃথী অশ্বিনে। কালি নিশা তাৰকাগৰাকী প্ৰচণ্ড পিঠিৰ বিষত ভুগিছিল বুলি প্ৰকাশ কৰি টুইটৰত অশ্বিনৰ পত্নীয়ে লিখিছে, আজি পুৱাও তেওঁ বিষত পোন হৈ থিয় হ’ব পৰা নাছিল।





    আৰু পঢ়িব পাৰিব : পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, গুলীচালনাত আহত ৬





    তাৰ পাছতো তেওঁৰ এই প্ৰদৰ্শন গভীৰ আনন্দদায়ক বুলি উল্লেখ কৰিছে পৃথিয়ে। তেওঁ লিখিছে, ‘কালি নিশা তেওঁ অসম্ভৱ বিষ পিঠিত লৈ বিছনালৈ গৈছিল। পুৱা যেতিয়া তেওঁ সাৰ পাইছিল তেতিয়াও তেওঁ বিষত পোন হৈ থিয় হ’ব পৰা নাছিল। জোতাৰ ফিটা বান্ধিবলৈ হাউলিব পৰা নাছিল। মই আশ্বৰ্যন্বিত হৈছোঁ, অশ্বিনে আজি কিদৰে খেলিবলৈ সক্ষম হ’ল!’ কেৱল মেচ ৰক্ষা কৰাই নহয়, শৃংখলাটোত ভাৰতৰ দৃঢ় স্থিতি অব্যাহত ৰখাৰ এই যুঁজখনত অৱতীৰ্ণ হোৱাৰ আগতে অশ্বিনে নিজৰ শৰীৰ প্ৰতিকূলতাৰ সৈতে কিদৰে যুঁজ কৰি বিজয়ী হৈছিল সেইকথা প্ৰমাণ কৰিলে পৃথি অশ্বিনৰ টুইটে। পেচাদাৰিত্ব আৰু যুঁজাৰু মানসিকতাৰ আন এক অনন্য নিদৰ্শন দাঙি ধৰিলে অশ্বিনৰ এই প্ৰদৰ্শনে।