• পুত্ৰ-বোৱাৰীৰ আক্ৰমণত তেজেৰে তুমৰলি অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী

    আঞ্চলিক
    পুত্ৰ-বোৱাৰীৰ আক্ৰমণত তেজেৰে তুমৰলি অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী

    ডিব্ৰুগড় : মৰাণৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক নিজৰ পুত্ৰ-বোৱাৰীয়ে শাৰীৰিক আক্ৰমণ চলোৱাৰ ঘটনাই মৰাণত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ মৰাণৰ পেটুৱা দলং নিবাসী প্ৰয়াত গুনীন ফুকনৰ পত্নী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী অনিমা ফুকন (৬৯) নিজৰ পুত্ৰ-বোৱাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে ৷





    বুধবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ পাছত মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুত্ৰ নিলোৎপল ফুকন (৩৭) আৰু বোৱাৰী শিল্পীশিখা ফুকনক (৩০) ৷ শিক্ষয়িত্ৰীগৰাকীৰ ভাষ্য অনুসৰি বিগত প্ৰায় ৭ মাহ ধৰি পুত্ৰ-বোৱাৰীয়ে সামান্য কথাতে তেওঁক মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল ৷ বুধবাৰে নিশাও অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পাছত পুত্ৰ-বোৱাৰীয়ে শাৰীৰিক প্ৰহাৰ কৰে মহিলাগৰাকীক ৷ ফলত মূৰ আৰু পেটত গুৰুতৰভাৱে আঘাট পাই অনিমা ফুকনে ৷ মহিলাগৰাকীৰ মূৰ ফাটি তেজেৰে তুমৰলি হৈ পৰে ৷





    চিঞৰ-বাখৰ শুনি ওচৰ-চুবুৰীয়াই মহিলাগৰাকীক উদ্ধাৰ কৰি বিবাহিত কন্যাক খৱৰ দিয়ে ৷ কন্যা উপস্থিত হৈ মাতৃক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে ৷ মহিলাগৰাকীৰ মূৰত সাতটাকৈ চিলাই পৰিছে ৷ সম্প্ৰতি মহিলাগৰাকী বিপদমুক্ত যদিও এই ঘটনাই মৰাণত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কৰ্মজীৱনত কৃতি শিক্ষয়িত্ৰীৰ বঁটাৰে সন্মানিত মহিলাগৰাকীৰ সৈতে সংঘটিত ঘটনাক নিন্দা কৰিছে সকলোৱে ৷ ইফালে নিৰাপত্তাহীনতাত ভোগা মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত মৰাণহাট আৰক্ষীয়ে ইতিমধ্যে পুত্ৰ-বোৱাৰীক গ্ৰেপ্তাৰ কৰিছে ৷