• পুনৰ আজি কোকৰাঝাৰলৈ মুখ্যমন্ত্ৰী, প্ৰাক্তন এনডিএফবি কেডাৰলৈ আৰ্থিক সাহায্য

    আঞ্চলিক
    পুনৰ আজি কোকৰাঝাৰলৈ মুখ্যমন্ত্ৰী, প্ৰাক্তন এনডিএফবি কেডাৰলৈ আৰ্থিক সাহায্য

    ডিজিটেল ডেস্কঃ আজি কোকৰাঝাৰলৈ যাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা মুঠ ১৬৬৯ জন প্ৰাক্তন এন ডি এফ বি কেডাৰক আৰ্থিক সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে।





    কোকৰাঝাৰৰ চান্দামাৰীস্থিত বড়োফা সাংস্কৃতিক ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত প্ৰতিগৰাকী কেডাৰক চাৰি লাখকৈ টকাৰ চেক প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। কালি তামুলপুৰত মুঠ ১১০৫ জন প্ৰাক্তন এন ডি এফ বি কেডাৰক প্ৰদান কৰিছে আৰ্থিক সাহায্য।





    এই মুহূৰ্তলৈ এন ডি এফ বিৰ চাৰিটা গোটৰ মুঠ ৪২০৩ কেডাৰক দিয়া হৈছে আৰ্থিক সাহায্য। মুঠ ১৯৫২ জন কেডাৰলৈ আৰ্থিক সাহায্য দিবলৈ বাকী আছে।