• পুনৰ গোৱালপাৰাত প্ৰশ্নকাকত ফাদিল! নীৰৱ জিলা শিক্ষা বিভাগ

    আঞ্চলিক
    পুনৰ গোৱালপাৰাত প্ৰশ্নকাকত ফাদিল! নীৰৱ জিলা শিক্ষা বিভাগ

    ডিজিটেল ডেস্কঃ মৰিগাঁও জিলাৰ পাছত এইবাৰ গোৱালপাৰাত প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ বিষয়ে পোহৰলৈ আহিছে। আমালৈ অহা খবৰ অনুসৰি, জিলাখনৰ কেইবাখনো বিদ্যালয়ত নৱম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হৈছে।





    গোৱালপাৰাৰ কাৰবালা উচ্চ মাধ্যমিক বিদ্যালয়, পৃথিৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত ফাদিল হয় প্ৰশ্নকাকত। দশম শ্ৰেণীৰ ছয়মহীয়া পৰীক্ষাত ওলাল নৱম শ্ৰেণীৰ প্ৰশ্নকাকত। শিক্ষকে ছাত্ৰ-ছাত্ৰীক প্ৰশ্নকাকত দিয়াৰ পাছতে স্পষ্ট হৈ পৰিল যে দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতৰ সলনি নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ওলাল। এই ঘটনা তিনিখনকৈ বিদ্যালয়ত সংঘটিত হোৱাৰ পাছতো নীৰৱ গোৱালপাৰা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক। ইফালে, পৰীক্ষাৰ দিনতো উপস্থিত নাই কাৰবালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰুল ইছলাম। অনুষ্ঠিত নহ’ল দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা। নিৰ্বিকাৰ গোৱালপাৰাৰ শিক্ষা বিভাগ! পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে লক্ষ্যণীয় হ’ব।