• পুনৰ চৰ্চাত সুৰংগপথ ! ব্ৰহ্মপুত্ৰৰ তলেৰে কৰিব নিৰ্মাণ

    আঞ্চলিক
    পুনৰ চৰ্চাত সুৰংগপথ ! ব্ৰহ্মপুত্ৰৰ তলেৰে কৰিব নিৰ্মাণ

    গুৱাহাটী : ব্ৰহ্মপুত্ৰৰ তলেৰে দ্বৈত সুৰংগপথ নিৰ্মাণ কৰাৰ দিশে আগবাঢ়িছে নৰেন্দ্ৰ মোদী চৰকাৰ। প্ৰতিবেশী দেশ চীনে ভাৰতৰ সৈতে থকা ২০০০ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ সীমান্ত অঞ্চলত অৰুণাচললৈ চকু দি থকা অৱস্থাত মোদী চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা সেই সুৰংগপথটো চীনৰ বিৰুদ্ধে ভাৰতৰ উচিত উত্তৰ হ’ব বুলি ধাৰণা কৰা হৈছে।





    একেসময়তে এই সুৰংগপথে কাজিৰঙাৰ বন্যপ্ৰাণীক যান-বাহনৰ আমনিৰ পৰা সুৰক্ষা প্ৰদান কৰিব আৰু উজনি অসমলৈ যোৱা পথৰ দূৰত্ব হ্ৰাস কৰিব। এই দ্বৈত সুৰংগপথে দক্ষিণপাৰৰ নুমলীগড় আৰু উত্তৰপাৰৰ গহপুৰক সংযোগ কৰিব। মুঠ ১২ হাজাৰ ৮০৭ কোটি টকা ব্যয় সাপেক্ষ এই সুৰংগপথৰ মূল সুৰংগ দুটা হ’ব ১৫.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ। সুৰংগপথক প্ৰৱেশদ্বাৰলৈকে নিৰ্মাণ কৰিবলগীয়া সম্পূৰ্ণ প্ৰৱেশপথৰ দূৰত্ব হ’ব ১৮ কিলোমিটাৰ আৰু সুৰংগ তথা প্ৰৱেশপথৰ মিলিত দৈৰ্ঘ্য হ’ব ৩৩ কিলোমিটাৰ।





    ব্ৰহ্মপুত্ৰ নদীৰ ২২ কিলোমিটাৰ তলেৰে এই সুৰংগপথ নিৰ্মাণ কৰা হ’ব। এই দ্বৈত সুৰংগপথে নুমলীগড়ৰ ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ স’তে গহপুৰৰ ৫২ নং ৰাষ্ট্রীয় ঘাইপথক সংযোগ কৰিব। উল্লেখযোগ্য যে নিমাতীঘাটত সংঘটিত নাও দুৰ্ঘটনাৰ পাছতে মাজুলী সংযোগী দলঙক লৈ পুনৰ চৰ্চা চলিছে। ইয়াৰ মাজতে মোদী চৰকাৰে ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছে।